Wednesday, October 5, 2022
HomeNews৬৮ সংখ্যক বৰদলৈ ট্ৰফী মাৰ্চ- এপ্ৰিলত হোৱাৰ সম্ভাৱনা

৬৮ সংখ্যক বৰদলৈ ট্ৰফী মাৰ্চ- এপ্ৰিলত হোৱাৰ সম্ভাৱনা

অলিম্পিয়া প্ৰতিবেদন

৬৮ সংখ্যক বৰদলৈ ট্ৰফী অহা মাৰ্চৰ শেষভাগত অথবা এপ্ৰিলৰ প্ৰথমভাগত কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা হ’ব ৷ গুৱাহাটী ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাই শনিবাৰে আৰ জি বৰুৱা স্প’ৰ্টছ কমপ্লেক্সত থকা সন্থাৰ কাৰ্যালয়ত এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৰদলৈ ট্ৰফীৰ ৬৮ সংখ্যক সংস্কৰণৰ বাবে সন্থাই প্ৰস্তুতি আৰম্ভ কৰিছিল যদিও কোভিডৰ তৃতীয় ঢৌৰ বাবে আন কাৰ্যসূচীৰ লগতে সেয়াও স্থগিত ৰাখিব লগা হয় ৷ এতিয়া পৰিস্থিতি উন্নত হোৱাত সভাই প্ৰস্তুতি পুনৰ আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সভাপতি পুলক গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত সন্থাৰ কাৰ্যালয়ৰ পুনৰ্নিমাণৰ বিষয়ে আলোচনা কৰা হয় আৰু সভাপতি গোস্বামীয়ে সকলো সদস্যকে যৎপৰোনাস্তি বৰঙণি আগবঢ়াই ৰাজ্যৰ এয় অগ্ৰণী ক্ৰীড়া সন্থাটোৰ নতুন যাত্ৰাত সহযোগ আগবঢ়াবলৈ অাহ্বান জনায় ৷ সভাই সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাৰ নেতৃত্বত আৰম্ভ হোৱা এই প্ৰক্ৰিয়াৰ শলাগ লয় । সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাই নতুন সমিতিৰ প্ৰথম ছমহীয়া কাৰ্যকালত হোৱা বিভিন্ন কামকাজৰ খতিয়ান দাঙি ধৰে ৷ তেওঁ লগতে গুৱাহাটী ক্ৰীড়া সন্থাৰ ফুটবল সম্পৰ্কীয় খেল তথা প্ৰশিক্ষণৰ বাবে গুৱাহাটী কমাৰ্চ কলেজৰ খেলপথাৰখন ব্যৱহাৰ কৰাৰ বাবে কলেজ কৰ্তৃপক্ষ আৰু ৰাজ্যৰ ক্ৰীড়া তথা যুৱ পৰিক্ৰমা বিভাগৰ সৈতে মৌখিক সন্মতিত উপনীত হোৱা বুলি জানিবলৈ দিয়ে ৷ তেওঁ কয় যে শীঘ্ৰে ইয়াক লিখিত চুক্তিৰ ৰূপ দিয়া হ’ব ৷ সভাৰ কোষাধ্যক্ষ ছায়াৰাম বড়োৱে ছমাহৰ হিচাপ দাখিল কৰে ৷ সভাই সন্থাৰ সংবিধান সংশোধন আৰু স্বীকৃতিপ্ৰাপ্ত ক্লাবসমূহৰ নীতি নিয়ম পুনৰ্নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সিদ্ধান্ত লয়। সভাত ছগৰাকী নতুন আজীৱন সদস্য ক্ৰমে ৰঞ্জন মেধি, দেৱাশিস বসু, মনজিত ভাগৱতী, অম্বা শইকীয়া পাটগিৰী, ধ্ৰুৱজ্যোতি কলিতা আৰু এল প্ৰণৱ সিঙক সম্বৰ্ধনা জনোৱা হয় । সভাত উপ সভাপতিদ্বয় দিলীপ কুমাৰ দত্তচৌধুৰী আৰু ভোলা বড়ো, যুটীয়া সম্পাদক খনীন দত্ত আৰু সহকাৰী সাধাৰণ সম্পাদকদ্বয় ৰঞ্জিত কুমাৰ শৰ্মা আৰু সিদ্ধাৰ্থ শংকৰ ডেকাৰ লগতে আন সদস্যসকল উপস্থিত থাকে ৷ সভাৰ আৰম্ভণিতে শেহতীয়াকৈ দেহাৱসান ঘটা বিশিষ্ট ব্যক্তিসকলৰ প্ৰতি সন্মান জনাই এক মিনিট মৌনতা অৱলম্বন কৰা হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 + 8 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments