Friday, September 30, 2022
HomeNews২৪ মাৰ্চৰ পৰা ৬৮ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল

২৪ মাৰ্চৰ পৰা ৬৮ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল

অলিম্পিয়া প্ৰতিবেদন

অহা ২৪ মাৰ্চৰ পৰা ৰাজ্যৰ চাৰিটা স্থানত সমান্তৰালকৈ অনুষ্ঠিত হ’ব ৬৮ সংখ্যক ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেন্ট | কৰোণা মহামাৰীৰ বাবে দুবছৰৰ অন্তত হ’ব লগা এই ঐতিয্যমণ্ডিত ফুটবল টুৰ্ণামেন্টখন আয়োজনৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি গ্ৰহম কৰিছে গুৱাহাটী ক্ৰীড়া সন্থাই | দেওবাৰে লেণ্ডমাৰ্ক হোটেলত এক সংবাদমেলত এই বিষয়ে সদৰী কৰে আয়োজক সন্থাৰ সভাপতি পুলক গোস্বামী আৰু সম্পাদক ধ্রুবজ্যোতি কলিতাই | তেওঁলোকে জনোৱা অনুসৰি এইবাৰৰ বৰদলৈ ট্ৰফী প্রতিযোগিতাত মুঠ ১৬ টা দলে অংশগ্রহণ কৰিব | মেচসমূহ অনুষ্ঠিত হ’ব ৪ টা বিভিন্ন স্থানত | এই স্থান সমূহ হ’ল– গুৱাহাটীৰ জজ ফিল্ড , বাইহাটা চাৰিআলিৰ কৰৰা, ছিপাঝাৰৰ ঘিলাকুৰি আৰু চিৰাঙৰ টাইকাঝৰা | লীগ মেচবোৰৰ অন্তত ১ এপ্রিলত দুয়োখন ছেমি ফাইনেল আৰু ৩ এপ্রিলত ফাইনেল মেচ হ’ব | ২৪ মাৰ্চৰ বিয়লি ৩ বজাৰ পৰা জজ ফিল্ডত আই টি বি পি দলে গুৱাহাটী টাউন ক্লাবৰ বিৰুদ্ধে আৰু একে সময়তে কৰৰাত ওদালগুৰিৰ দৈমালু ক্লাবে শ্বিলঙৰ আছাম ৰাইফলছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব । ‘এ’ গ্ৰুপত জজ ফিল্ডৰ আন দুটা দল হ’ল অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, শিলচৰৰ ইণ্ডিয়া ক্লাব; ‘বি’ গ্ৰুপত কৰৰাৰ আন দুটা দল হ’ল দিল্লী এফ চি, আছাম পুলিচ ব্লূজ; ‘চি’ গ্ৰুপত ঘিলাকুৰিত চি আই এছ এফ, অইল ইণ্ডিয়া এফ চি, বদৌচা এছ চি, নগালেণ্ড পুলিচ; ‘ডি’ গ্ৰুপত টৈকাঝৰাত আছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি, ইউনাইটেড চিৰাং দুৱাৰ এফ চি, শ্বিলং লাজং এফ চি আৰু আছাম ৰেজিমেণ্টেল চেণ্টাৰ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments