Sunday, October 2, 2022
HomeNews৬৮ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল আৰম্ভ : উদ্ধোধনী মেচত আই টি বি...

৬৮ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল আৰম্ভ : উদ্ধোধনী মেচত আই টি বি পিৰ জয়

অলিম্পিয়া প্ৰতিবেদন

আৰম্ভ হৈছে ৬৮ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেন্ট । ভাৰত ৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ নামত আয়োজিত এই টুৰ্ণামেন্টৰ উদ্ধোধনী মেচত জজ ফিল্ডত গুৱাহাটী টাউন ক্লাবে আই টি বি পিৰ বিৰুদ্ধে আৰু কৰৰাৰ মেচত ওদালগুৰিৰ দৈমালু ক্লাবে শ্বিলঙৰ আছাম ৰাইফলছৰ মুখামুখী হয় | জজ ফিল্ডৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া মন্ত্রী বিমল বৰা , অসম ফুটবল সন্থাৰ সভাপতি বিধায়ক নৱ কুমাৰ দলে , সম্পাদক হেমেন্দ্ৰ ব্ৰহ্ম, এসময়ৰ প্রসিদ্ধ ৰাজ্যিক ফুটবলাৰ সন্তোষ গোস্বামী, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দ্ত্ত , সম্পাদক দেৱজিত শইকীয়া, আয়োজক গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পুলক গোস্বামীকে ধৰি বহু বিশিষ্ট লোক । অনুষ্ঠানৰ আঁত ধৰে অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈয়ে । উদ্ধোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ কেইবাখনো স্কুলৰ ছাত্র-ছাত্রীয়ে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসুচী পৰিবেশন কৰি উপস্থিত দৰ্শকক আমোদ দিয়ে । অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া মন্ত্রী বিমল বৰা,,,

বৃহস্পতিবাৰে জজ ফিল্ডত অনুষ্ঠিত গ্ৰুপ ‘এ’ৰ উদ্ধোধনী মেচত অাই টি বি পিয়ে গুৱাহাটী টাউন ক্লাবক ১-০ গ’লত পৰাস্ত কৰে | আকৰ্ষণীয় মেচখন বিৰতিলৈকে গ’লশূন্য হৈ আছিল যদিও মেচৰ ৬০ মিনিটত আই টি বি পি দলে গ’ল দিবলৈ সক্ষম হয় | নিৰ্ণায়ক গ’লটোৰ স্কৰ কৰে হেমৰাজ ভূজেলে | উক্ত গল পৰিশোধ কৰিবলৈ আপ্রাণ চেষ্টা চলাইও টাউন ক্লাব সক্ষম নহ’ল । ইফালে গ্ৰুপ ‘বি’ৰ মেচত কৰৰাত দৈমালু ক্লাব আৰু আছাম ৰাইফলছে গ’লশূন্য ড্ৰ খেলি পইন্ট ভগাই লয় | এসময়ৰ প্রসিদ্ধ ফুটবলাৰ সন্তোষ গোস্বামীয়ে বৰদলৈ ট্ৰফী ফুটবল সম্পৰ্কত নিজৰ মনোভাৱ ব্যক্ত কৰে ,

শুকুৰবাৰে জজ ফিল্ডত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে শিলচৰৰ ইণ্ডিয়া ক্লাবৰ বিৰুদ্ধে খেলিব ।
উল্লেখযোগ্য যে এইবাৰৰ বৰদলৈ ট্ৰফী টুৰ্ণামেন্ট জজ ফিল্ড, কৰৰাৰ লগতে ছিপাঝাৰৰ ঘিলাকুৰি আৰু চিৰাঙৰ টাইকাঝৰাতো আয়োজন কৰা হৈছে । শুকুৰবাৰে ঘিলাকুৰিত অইল ইণ্ডিয়াই বদৌচা স্পৰ্টছ ক্লাবৰ বিৰুদ্ধে আৰু টাইকাঝৰাত নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে ইউনাইটেড চিৰাং দুৱাৰ এফ চিৰ বিৰুদ্ধে খেলিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments