Friday, September 30, 2022
HomeNewsবৰদলৈ ট্ৰফী ফুটবলত পৰাস্ত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ

বৰদলৈ ট্ৰফী ফুটবলত পৰাস্ত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ

অলিম্পিয়া প্ৰতিবেদন

৬৮ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেন্টত আৰম্ভনি সুখকৰ নহ’ল যোৱাবাৰৰ চেম্পিয়ন অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ । ভাৰত ৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ নামত আয়োজিত এই টুৰ্ণামেন্টৰ জজ ফিল্ডত শুকুৰবাৰে ডিফেণ্ডিং চেম্পিয়ন বিদ্যুৎ পৰিষদক একমাত্র দলত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে শিলচৰৰ ইণ্ডিয়া ক্লাবে | গ্রুপ ‘এ’ৰ মেচখনত ইণ্ডিয়া ক্লাবৰ হৈ ভি ভিগনেশে খেল অন্ত পৰিবলৈ কেইমুহূৰ্তমান বাকী থকাৰ অৱস্থাত সুন্দৰ ভলীৰে নিৰ্ণায়ক গ’লটো স্কৰ কৰে | ইফালে ছিপাঝাৰৰ ঘিলাকুৰিত গ্ৰুপ ‘চি’ৰ মেচত দুলীয়াজানৰ অইল ইণ্ডিয়া দলে ২-০ গ’লত পৰাস্ত কৰে বদৌচা ক্লাবক | মেচৰ ১৪ মিনিটত আক্ৰাং নাৰ্জাৰী আৰু ২৯ মিনিটত মিলন বসুমতাৰীয়ে গ’ল দুটা দিয়াত অইল ইণ্ডিয়াই ৩ পইন্ট অৰ্জন কৰে | দ্বিতীয়াৰ্ধত বদৌচা ক্লাবে গ’ল দিবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও সফল নহ’ল । আনহাতে চিৰাঙৰ টাইকাঝৰাত গ্ৰুপ ‘ডি’ৰ এখন মেচত নৰ্থ-ইষ্ট ইউনাইটেত এফ চিয়ে ইউনাইটেড চিৰাং দুৱাৰৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ খেলি পইন্ট ভগাই লয় | মেচৰ ২২ মিনিটত চিৰাং দুৱাৰৰ হৈ এম ডি সিঙে দিয়া গ’লৰ সহায়ত স্থানীয় দলটোৱে অগ্ৰগতি লাভ কৰে যদিও ৬০ মিনিটত নৰ্থ- ইষ্ট দলৰ হৈ চিৰঞ্জীৱ গগৈয়ে গ’ল দি মেচখনত সমতা স্থাপন কৰে | শনিবাৰে জজ ফিল্ডত আই টি বি পিয়ে ইণ্ডিয়া ক্লাবৰ বিৰুদ্ধে, কৰৰাত দিল্লী এফ চিয়ে অসম পুলিচ ব্লুজৰ বিৰুদ্ধে, ঘিলাকুৰীত চি আই এছ এফ দলে নগালেণ্ড পুলিচৰ বিৰুদ্ধে আৰু টাইকাঝৰাত শ্বিলং লাজং এফ চিয়ে আছাম ৰেজিমেন্টেল চেন্টাৰৰ বিৰুদ্ধে খেলিব |

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments