Friday, September 30, 2022
HomeNewsচিৰাঙত বৰদলৈ ট্ৰফীৰ 'ডি' গ্ৰুপৰ খেল আৰম্ভ, নৰ্থ ইষ্ট ইউনাইটেড- চিৰাং দুৱাৰ...

চিৰাঙত বৰদলৈ ট্ৰফীৰ ‘ডি’ গ্ৰুপৰ খেল আৰম্ভ, নৰ্থ ইষ্ট ইউনাইটেড- চিৰাং দুৱাৰ এফ চিৰ খেল ড্ৰ

✍️অলিম্পিয়া প্ৰতিবেদন

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী থাইকাজোৰাত শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে ৬৮ সংখ্যক ভাৰত ৰত্ন গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ‘ডি’ গ্ৰুপৰ খেলসমূহ । ‘ৰাইন’ক্লাবৰ খেলপথাৰত শুকুৰবাৰে অনুষ্ঠিত খেলখনত অংশগ্ৰহণ কৰে ইউনাইটেড চিৰাং দুৱাৰ এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেড এফ চি । খেলখন ১-১ গ’লত ড্ৰ হৈ ৰয় । উত্তেজনা পূৰ্ণ খেলখনত ২২ মিনিটত এম ডি সিঙে দিয়া গ’লৰ সহায়ত ইউনাইটেড চিৰাং দুৱাৰ এফ চিয়ে বিৰতিলৈকে ১-০ গ’লৰ অগ্ৰগতি লাভ কৰিছিল ।বিৰতিৰ পিছত নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ হৈ ৬০ মিনিটত চিৰঞ্জীৱ গগৈয়ে গ’লটো পৰিশোধ কৰি সমতা স্থাপন কৰে । খেলখন পৰিচালনা কৰে হীৰেন বৰ্মনে । লাইনত সহায় কৰে পৱন চন্দ্ৰ ব্ৰহ্ম আৰু ইজৰাইল হেমব্ৰমে । হাবিব ৱাৰী চতুৰ্থ ৰেফাৰী আছিল । শনিবাৰৰ খেলত ছিলং লাজং এফ চিৰ বিৰুদ্ধে অসম ৰেজিমেণ্টেল চেণ্টাৰ অৱতীৰ্ণ হ’ব । মুখ্য অতিথি বি টি চিৰ বন বিভাগৰ কাৰ্যকৰী সদস্য ৰঞ্জিত বসুমতাৰীৰ উপস্থিতিত প্ৰতিযোগিতাখন
উদ্বোধন কৰে বি টি চি ৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যকৰী সদস্য দাওবৈচা বড়োৱে । উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বি টি চিৰ কাৰ্যকৰী সদস্য ডঃ নিলুৎ স্বৰ্গীয়াৰী, দিগন্ত বৰুৱা, এম চি এল এ মাধৱ ছেত্ৰী, অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক হেমেন্দ্ৰ নাথ ব্ৰহ্ম, গুৱাহাটী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি কলিতাকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments