Wednesday, October 5, 2022
HomeNewsবৰদলৈ ট্ৰফীৰ 'ডি' গ্ৰুপৰ খেলত শ্বিলং লাজং এফ চিৰ অগ্ৰগতি

বৰদলৈ ট্ৰফীৰ ‘ডি’ গ্ৰুপৰ খেলত শ্বিলং লাজং এফ চিৰ অগ্ৰগতি

অলিম্পিয়া প্ৰতিবেদন

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী থাইকাজোৰাত চলা ৬৮ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ‘ডি’ গ্ৰুপৰ শনিবাৰৰ খেলত জয়়ী হৈছে শ্বিলং লাজং এফ চি । স্থানীয় ৰাইন’ ক্লাবৰ খেলপথাৰত অনুষ্ঠিত খেলখনত লাজং এফ চিয়ে অসম ৰেজিমেণ্টেল চেণ্টাৰক ১-০ গ’লত পৰাজিত কৰে । উত্তেজনাপূৰ্ণ খেলখনত আৰম্ভণিৰ ৪ মিনিটতে ডব্লিউ কে ৰাইংখেলেমে দিয়া গ’লৰ সহায়ত লাজং এফ চিয়ে বিৰতিলৈকে ১-০ গ’লৰ অগ্ৰগতি লাভ কৰিছিল । বিৰতিৰ পিছত কোনো এটা দলেই গ’ল দিবলৈ সক্ষম নহ’ল । খেলত বিধিনিষিদ্ধভাবে খেলাৰ বাবে লাজং এফ চিৰ চাবেমে টাৰিয়ানাই ‘ৰেড কাৰ্ড’ৰ সন্মুখীন হয় । খেলখন পৰিচালনা কৰে নৱজিৎ বসুমতাৰীয়ে । লাইনত সহায় কৰে ধনঞ্জয় বসুমতাৰী আৰু প্ৰেম নাৰ্জাৰীয়ে । পৱন চন্দ্ৰ ব্ৰহ্ম চতুৰ্থ ৰেফাৰী আছিল । ৰবিবাৰৰ খেলত অসম ৰেজিমেণ্টেল চেণ্টাৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments