Friday, September 30, 2022
HomeNewsবৰদলৈ ট্ৰফী ফুটবলত পৰাস্ত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ

বৰদলৈ ট্ৰফী ফুটবলত পৰাস্ত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ

অলিম্পিয়া প্ৰতিবেদন

৬৮ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেন্টৰ শনিবাৰৰ মেচত শিলচৰ ইণ্ডিয়া ক্লাবে আই টি বি পি দলৰ বিৰুদ্ধে ৩-২ গ’লত জয়লাভ কৰে | গুৱাহাটীৰ জজ ফিল্ডত গ্ৰুপ ‘এ’ ৰ মেচখনত ইণ্ডিয়া ক্লাবৰ হৈ ভি ভিগনেশে ২২ আৰু ৫৫ মিনিটত দুটা গ’ল স্কৰ কৰে । ইয়াৰ পুৰ্বে ১৪ মিনিটত দৰ্জি ৱাংচু খাংগ্ৰয়ে প্রথমটো গ’ল দিয়ে | আই টি বি পিৰ হৈ ৩৪ মিনিটত ৰিজুল নাৰ্জাৰী আৰু ৭০ মিনিটত জ্ঞানজিত বসুমতাৰীয়ে দুটা গ’ল পৰিশোধ কৰে | ইফালে কৰৰাত গ্ৰুপ ‘বি’ৰ এখন মেচত দিল্লী এফ চিয়ে ২-০ গ’লত পৰাস্ত কৰে আছাম পুলিচ ব্লুজ দলক । দিল্লীৰ হৈ ১৪ আৰু ৩১ মিনিটত গ’ল দুটা দিয়ে জাপানী খেলুৱৈ কচুকে য়ামাজাকীয়ে | আনহাতে ছিপাঝাৰৰ ঘিলাকুৰিত গ্রুপ ‘চি’ৰ মেচত চি আই এছ এফ আৰু নগালেণ্ড পুলিচে ২-২ গ’লত ড্ৰ খেলি পইন্ট ভগাই লয় | দেওবাৰে জজ ফিল্ডত বিদ্যুৎ পৰিষদে গুৱাহাটী টাউন ক্লাব, কৰৰাত দৈমালু ক্লাবে অসম পুলিচ ব্লুজ, ঘিলাকুৰিত অইল ইণ্ডিয়াই নগালেণ্ড পুলিচৰ বিৰুদ্ধে খেলিব |

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments