Tuesday, October 4, 2022
HomeMiscellaneousবৰদলৈ ট্ৰফী বন্ধ হৈ যাব নেকি ?

বৰদলৈ ট্ৰফী বন্ধ হৈ যাব নেকি ?

✍️ পদ্মপাণি

যোৱা ৮ নৱেম্বৰ তাৰিখে ৬৫ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখনত কলকাতাৰ মহমেদান স্প’ৰ্টিং ক্লাবে দুলীয়াজানৰ অইল ইণ্ডিয়াক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ষষ্ঠবাৰলৈ ট্ৰফী অৰ্জন কৰে। অৱশ্যে বৰদলৈ ট্ৰফীৰ এই ফাইনেল খেলখনক লৈ গুৱাহাটীবাসীৰ মাজত বিশেষ একো উৎসাহ-উদ্দীপনা চকুত নপৰিল। লাহে লাহে বৰদলৈ ট্ৰফীৰ আকৰ্ষণ কমি আহিছে। কিন্তু এনে এটা সময় আছিল, যেতিয়া বৰদলৈ ট্ৰফীৰ খেল চাবলৈ মানুহ হিলদ’ল ভাঙি আহিছিল। গুৱাহাটীৰ কথা বাদেই, সুদূৰ যোৰহাট, শিৱসাগৰৰ পৰাও ফাইনেল খেল চাবলৈ মানুহ আহিছিল। সেই সময়ৰ খেলবিলাকৰ কথা মনত পৰিলে এতিয়াও মন ৰোমাঞ্চিত হৈ পৰে।

১৯৬৮ চনৰ কথা। মই তেতিয়া কটন কলেজৰ দ্বিতীয় ছাত্ৰাৱাসৰ (ছেকেণ্ড মেছৰ) আৱাসী। কলেজৰ ক্লাছ শেষ কৰি হোষ্টেলৰ লুচিকেইখন লৰালৰিকৈ খাই গুৱাহাটী ৰে’ল ষ্টেচন হৈ ৰে’লৰ আলিয়ে আলিয়ে ঢাপলি মেলোঁ— নেহৰু ষ্টেডিয়ামলৈ। ষ্টেডিয়ামত মাইকত বজোৱা গান  ‘তু জহাঁ জহাঁ চলেগা, মেৰা ছায়া সাথ হোগা…।’ শুনি আমাৰ খোজবোৰ দ্ৰুতৰ পৰা দ্ৰুততৰ হয়।

সেইবাৰ অসম পুলিচ (প্ৰথমে দেৰগাঁও পুলিচ বুলিহে জনাজাত আছিল) দলটোৱে কোৱাৰ্টাৰ ফাইনেলত কলিকতাৰ বিখ্যাত মহমেদান স্প’ৰ্টিং ক্লাবক হৰুৱাই বে’চ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। দলটোৰ এনে সফলতাত অতিশয় আনন্দিত হৈ আমি কটন দ্বিতীয় ছাত্ৰাৱাসৰ আৱাসীসকলে অসম পুলিচ দলটোক হোষ্টেলৰ চৌহদত সম্বৰ্ধনা জনাইছিলো। দলৰ অধিনায়ক সন্তোষ গোস্বামীদেৱে আমাৰ সম্বৰ্ধনাৰ উত্তৰত কোৱা কথাখিনি এতিয়াও মোৰ কাণত বাজি আছে। তেখেতে কৈছিল— ‘অসম পুলিচ দলক এনেদৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা এয়ে প্ৰথম। কটন দ্বিতীয় ছাত্ৰাৱাসে জনোৱা এই মৰম আৰু সন্মান আমি জীৱনত কেতিয়াও নাপাহৰো। আজি আমি সঁচাকৈয়ে যথেষ্ট অনুপ্ৰাণিত হৈছোঁ আৰু তোমালোকক প্ৰতিশ্ৰুতি দিছো— বৰদলৈ ট্ৰফীত এইবাৰ আমি চেম্পিয়ন হ’মেই।’

প্ৰতিশ্ৰুতি অনুসৰিয়েই ছেমিফাইনেলত অসম পুলিচ দলে দেশৰ অন্য এটা আগশাৰীৰ ফুটবল দল বি এন আৰ (বেংগল নাগপুৰ ৰে’লৱে)ৰ লগত তুমুল প্ৰতিদ্বন্দ্বিতা কৰি ২-২ গ’লত ড্ৰ খেলিলে। সেই সময়ত বি এন আৰ দলত ৰাজিন্দৰৰ দৰে দেশৰ আগশাৰীৰ খেলুৱৈয়ে খেলিছিল। পিছৰ দিনা পুনৰ খেল। অসম পুলিচ দল ২-১ গ’লত আগবাঢ়ি আছে। খেল শেষ হ’বলৈ মাথোঁ কেইমিনিটমান সময় বাকী। তেনেতে ঘটিল অথন্তৰ। অসম পুলিচ দলৰ ষ্টপাৰ ৰবীন নেওগে কৰা সামান্য ‘ফাউল’তে ৰেফাৰীয়ে অসম পুলিচৰ বিৰুদ্ধে ‘পেনাল্টী কিক’ৰ নিৰ্দেশ দিলে। গোটেই ষ্টেডিয়ামৰ দৰ্শক এনে অন্যায় নিৰ্দেশৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল। অসম পুলিচ দলে ৰেফাৰীৰ সিদ্ধান্তৰ প্ৰতিবাদ কৰি খেলপথাৰ ত্যাগ কৰিবলৈ উদ্যত হ’ল। কিন্তু ঊৰ্ধ্বতন বিষয়াৰ বুজনিত পুনৰ যেনিবা খেলিবলৈ ৰাজী হ’ল। ইতিমধ্যে একাংশ দৰ্শকে ষ্টেডিয়ামৰ বাহিৰলৈ ওলাই আহি বিক্ষোভ প্ৰদৰ্শন আৰু শিলাবৰ্ষণ আৰম্ভ কৰি দিলে। হুলস্থ²লীয়া পৰিৱেশৰ মাজতে বি এন আৰ-এ পেনাল্টী কিকৰ সহায়ত গ’ল দি খেল ড্ৰ কৰিলে। কিছু সময়ৰ পিছত খেল শেষ হ’ল। কিন্তু হুলস্থ²ল আৰু শিলাবৰ্ষণ নকমিল, বাঢ়িলহে। পুলিচে প্ৰথমে লাঠীচাৰ্জ আৰু পিছত গুলীচালনা কৰিবলৈ বাধ্য হ’ল। অজস্ৰজন আহত হ’ল, ভেভেল ঘোষ নামৰ এজনৰ গুলীচালনাত মৃত্যু হ’ল। অসম পুলিচ দলৰ অধিনায়ক সন্তোষ গোস্বামীৰ মাতৃয়েও পুলিচৰ লাঠীৰ কোব খাই মূৰত বেয়াকৈ আঘাত পালে। অভাৱনীয় পৰিস্থিতি।

নিশালৈ বৰদলৈ ট্ৰফী কতৃÇপক্ষ, জিলা প্ৰশাসন আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ মাজত হোৱা বৈঠকত সিদ্ধান্ত হ’ল— কোনেও গম নোপোৱাকৈ দৰ্শকবিহীনভাৱেই পিছদিনা পুৱা ছয় বজাত দুই দলৰ মাজত খেল হ’ব, আৰু এইবাৰো যদি ড্ৰ হয় লটাৰীৰ দ্বাৰা বিজয়ী দলটো নিৰ্ণয় কৰা হ’ব। পিছে কটন দ্বিতীয় ছাত্ৰাৱাসৰ ছাত্ৰসকলৰ ‘ছাপ’ৰ্ট’ অবিহনে অসম পুলিচ দল খেলপথাৰত নামে কেনেকৈ· গতিকে মাজৰাতিয়েই এই ‘পৰিকল্পনা’ৰ কথা আমাক জনাবলৈ অসম পুলিচ দলে দুজন মানুহ পঠিয়ালে। লগে লগে আমি ৰাতিয়েই কটনৰ আটাইকেইটা হোষ্টেলৰ (ছোৱালী হোষ্টেল বাদ দি) সকলোকে খবৰ দিলো। সিদ্ধান্ত হ’ল— আমি কটনৰ সুনাম ৰক্ষা কৰি অতি শৃংখলাবদ্ধভাৱে পিছদিনা পুৱা পাঁচ বজাত শাৰী পাতি ৰিজাৰ্ভ বেংকৰ আগত লগ হ’ম আৰু আমাৰ ‘লীডাৰ’ হ’ব সকলোতকৈ জ্যেষ্ঠ আৱাসী দেৱ মহন্ত। সেই সময়ত কামৰূপৰ আৰক্ষী অধীক্ষক আছিল প্ৰয়াত জ্ঞানানন্দ শৰ্মা পাঠক। তেখেত মোৰ জ্যেষ্ঠ ভাতৃসদৃশ। গতিকে তেখেতক কৈ ষ্টেডিয়ামৰ ক’ভাৰ গেলাৰীত (যিহেতু টিকটৰ ব্যৱস্থা নাছিল) প্ৰৱেশ কৰাৰ অনুমতি ল’লো। অৱশ্যে আমি ইমান শৃংখলাবদ্ধভাৱে গৈছিলো যে কোনো পুলিচেই আমাক বাধা দিয়া নাছিল। তদুপৰি, কেইবাজনো জ্যেষ্ঠ পুলিচ বিষয়াই পুলিচ দলৰ এনে বৃহৎসংখ্যক ‘ছাপ’ৰ্টাৰ’ যোৱাৰ বাবে পেটে পেটে ভালেই পাইছিল।

তুমুল প্ৰতিদ্বন্দ্বিতাৰ শেষত সেইদিনাৰ খেলাও ১-১ গ’লত ড্ৰ হ’ল। পূৰ্বৰ ব্যৱস্থা অনুসৰি খেলপথাৰৰ মাজলৈ বৰদলৈ ট্ৰফীৰ কাপটো অনা হ’ল। অসমৰ ক্ৰীড়াজগতৰ এজন নমস্য ব্যক্তিয়ে কাপৰ ভিতৰত হাত ভৰাই তাত থকা দুটুকুৰা কাগজৰ এটুকুৰা আনি ৰেফাৰীৰ হাতত  তুলি দিলে। ৰেফাৰীজনে পৰম উৎসুকতাৰে কাগজ টুকুৰাৰ ভাঁজবোৰ খুলি ভিতৰৰ কথাখিনি পঢ়ি ঘোষণা কৰিলে বি এন আৰ।

আমি কান্দিবলৈহে বাকী। তেনেতে খেলপথাৰৰ মাজৰ পৰা মোৰ চিনাকি মানুহ এজন দৌৰি আহি মোৰ কাণে কাণে ক’লে— ‘বুজিছ পদুম, এই সব সকলো অসম পুলিচক হৰুওৱাৰ চক্ৰান্ত। কাপৰ ভিতৰত থকা দুয়ো টুকুৰা কাগজতেই বি এন আৰ লিখা আছিল। অসম পুলিচৰ নাম নাছিলেই।’

লগে লগে মই চিঞৰি উঠিলো— ইটো টুকুৰা কাগজত কি লিখা আছে দেখুৱাব লাগে। আমি বহি থকা সমস্ত গেলাৰীৰ পৰা অনুৰূপ দাবী উঠিল। আকৌ আগদিনাৰ দৰে হুলস্থ²ল। কোবাকুবি খোজেৰে দুজনমান উচ্চপদস্থ পুলিচ বিষয়া আমাৰ ফালে ঢাপলি মেলি আহিল। আমাৰ মাজৰ পৰা কোনোবা দুটামানে মোক উদ্দেশ্য কৰি চিঞৰিলে— ‘ঐ পদ্মপাণি, কটনৰ নাম নুডুবাবি। আকৌ লাঠীচাৰ্জ, ফায়াৰিং হ’ব লাগিলে ডাঙৰ কথা হ’ব। যি হৈছে হৈছে। মনে মনে থাক।’

ময়ো আগদিনাৰ বিভীষিকাৰ কথা সুঁৱৰি মনে মনে থাকিলো।

এইবিলাক আজি পঞ্চাশ বছৰৰ আগৰ কথা। অসম পুলিচ দলৰ কালিমুদ্দিন, অনিল ৰায়, ৰবীন নেওগ, জলেশ্বৰ স্বৰ্গীয়াৰী,  কমলা নাথ, মণিৰাম বড়ো, পদ্মেশ্বৰ ডেকা, সলিল মাৰাক, আনন্দ লস্কৰ, চন্দ্ৰমোহন গঞ্জু, সন্তোষ গোস্বামীহঁতৰ মুখকেইখন যেনেদৰে জিলিকি আছে মনৰ মাজত, সেইদৰে সেই ৰেফাৰীজন আৰু লাইনমেন দুজনৰ ছবিও স্মৃতিপটত সজীৱ হৈ আছে।

বাতৰিত প্ৰকাশ পাইছে যে এইবাৰৰ ফাইনেলখন চাবলৈ দৰ্শকৰ উপস্থিতি আছিল তেনেই সেৰেঙা। এইদৰে হয়তো দেশৰ বিখ্যাত বিখ্যাত টুৰ্নামেণ্ট বন্ধ হৈ যোৱাৰ দৰে বৰদলৈ ট্ৰফীও এদিন বন্ধ হ’ব। নহ’লে হয়তো আই এছ এলৰ জনপ্ৰিয়তাই বৰদলৈ ট্ৰফী সম্পূৰ্ণৰূপে গ্ৰাস কৰি পেলাব। কথাবিলাক ভাবিলেই দেখোন চকুলো ওলাব খোজে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments