অলিম্পিয়া প্ৰতিবেদন
বডোচা স্প’ৰ্টছ ক্লাবৰ উদ্যোগত আৰু বঙাইগাঁৱৰ বৰ্ষণগাঁও ক্ৰীড়া সন্থাৰ সহযোগত চলা ১৩ সংখ্যক বডৌচা কাপ ফুটবল প্ৰতিযোগিতাৰ ‘বি’ গ্ৰুুপৰ খেলত স্থানীয় ইলেভেন ষ্টাৰ ক্লাব প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে । বৰ্ষণগাঁও চিলাৰায় ষ্টেডিয়ামত বৃহস্পতিবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত ইলেভেন ষ্টাৰ ক্লাবে শক্তিশালী গুৱাহাটী চিটি এফ চিক ২-০ গ’লৰ ব্যৱধানত পৰাজিত কৰে।
খেলৰ ২৮ মিনিটতে গোলাপ বৰ্মনে দিয়া গ’লৰ সহায়ত ইলেভেন ষ্টাৰ ক্লাবে জয়ৰ পাতনি মেলে । আনহাতে আনাওই ৩৮ মিনিটত গ’ল এটা প্ৰদান কৰি জয়ৰ ব্যবধান ২-০ লৈ বৃদ্ধি কৰে । বিৰতিৰ পিছত আপ্ৰাণ চেষ্টা কৰিও কোনো এটা দলেই গ’ল কৰিবলৈ সক্ষম নহ’ল । অৱশ্যে ইলেভেন ষ্টাৰে বিৰতিৰ পিছত এটা পেনাল্টিৰ সুযোগ লাভ কৰিছিল যদিও সফল হ’ব নোৱাৰিলে । ইপিনে গুৱাহাটী চিটি এফ চিয়ে নিজৰ লীগ পৰ্যায়ৰ দুয়োখন খেলতে অদমনীয় প্ৰদৰ্শনেৰে ইউনাইটেড চিৰাং দুৱাৰ এফ চিক ২-০ আৰু মণিপুৰৰ পি এছ এক ৩-০ গ’লত পৰাজিত কৰি মূল যুঁজলৈ আশা সজীৱ কৰি ৰাখিছিল যদিও বৃহস্পতিবাৰৰ খেলত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগীয়া হয় । খেলৰ বিজয়ত বিশেষ ভূমিকা গ্ৰহণ কৰা ইলেভেন ষ্টাৰ ক্লাবৰ দিলছন দৈমাৰীয়ে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে । নিজামুদ্দিন খান আৰু পিংকু বড়োৰ সহযোগত খেলখন পৰিচালনা কৰে নৃপেন তালুকদাৰে । হিতেশ কলিতা চতুৰ্থ ৰেফাৰী আছিল । অহা ১১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া প্ৰি-কোৱাৰ্টাৰত ইলেভেন ষ্টাৰ ক্লাবে ৰাজস্থানৰ ইউনাইটেড এফ চিৰ বিপৰীতে অৱতীৰ্ণ হ’ব।