Wednesday, May 18, 2022
HomeNewsলকডাউন: চিকিৎসাৰ বাবে হাঁহাকাৰ কৰ্কটত আক্ৰান্ত এছিয়ান স্বৰ্ণ জয়ী বক্সাৰ ডিংক' সিঙৰ

লকডাউন: চিকিৎসাৰ বাবে হাঁহাকাৰ কৰ্কটত আক্ৰান্ত এছিয়ান স্বৰ্ণ জয়ী বক্সাৰ ডিংক’ সিঙৰ

olympiasports.in

লকডাউনৰ সময়ছোৱাত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হোৱাৰ পৰিপ্ৰেক্ষিতত বিপদৰ সন্মুখীন হৈছে প্ৰাক্তন এছিয়ান গেমছৰ স্বৰ্ণজয়ী বক্সাৰ ডিংক’ সিং। দীৰ্ঘদিন ধৰি মণিপুৰৰ বক্সাৰগৰাকী লিভাৰৰ কেন্সাৰ ৰোগত আক্রান্ত হৈ আছে। নতুন দিল্লীৰ ইনষ্টিটিউট অৱ লিভাৰ এণ্ড বিলিয়েৰী চাইন্স নামৰ চিকিৎসা প্ৰতিষ্ঠানটোত চিকিৎসাধীন হৈ আছিল ডিংক’ সিং।

চিকিৎসকে ৰেডিয়েচন থেৰাপিৰ পৰামৰ্শ দিছিল যদিও তেজৰ কিছু সমস্যা থকাৰ বাবে কিছুদিন পিছত থেৰাপিৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলৈ কৈছিল। সেই অনুসৰি ১৫ এপ্ৰিল তাৰিখে দিল্লীৰ উক্ত চিকিৎসা প্ৰতিষ্ঠানখনলৈ যোৱাৰ কথা আছিল যদিও দেশত পুনৰ লকডাউনৰ সময়সীমা বৃদ্ধি পোৱাত সেয়া সম্ভৱ হৈ নুঠিল।

বৰ্তমান ইম্ফলৰ নিজ বাসগৃহতে আৱদ্ধ হৈ পৰা ডিংক’ৰ অৱস্থা দিনকদিনে শোচনীয় হৈ গৈ আছে। যোৱা মাহৰ পৰা জ্বৰতো ভুগি আছে প্ৰাক্তন বক্সাৰগৰাকী। বৰ্তমান একো উপায় বিচাৰি নাপাই মানসিকভৱেও ভাগি পৰিছে ডিংক’ৰ লগতে পৰিয়ালতো। লকডাউনৰ বাবে দিল্লীলৈ যোৱা সম্ভৱ নহয় বাবে দিল্লীস্থিত চিকিৎসকে ডিংক’ক ইম্ফলতে থেৰাপি সম্পন্ন কৰাৰ পৰামৰ্শ আগবঢ়াইছে যদিও ইম্ফলত পৰ্যাপ্ত সুবিধা নথকাৰ বাবে সেয়াও সম্ভৱ হৈ উঠা নাই। বক্সাৰজনৰ পৰিয়ালে বৰ্তমান গুৱাহাটী অথবা কলকাতালৈ তেওঁক লৈ যোৱাৰ জো যা চলাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments