অলিম্পিয়া প্রতিবেদন
আগন্তুক টকীঅ’ অলিম্পিকলৈ প্ৰস্তুতিৰ অংশ স্বৰূপে ছবাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমৰ নেতৃত্বত ১০ জনীয়া ভাৰতীয় বক্সিং দলে পুণে আৰ্মী স্পৰ্টছ ইনষ্টিটিউটত প্ৰশিক্ষণ গ্ৰহণ কৰিব।
এলিট নেচনেল বক্সিং কেম্পত মেৰী কমৰ লগতে অলিম্পিকলৈ নিৰ্বাচিত অসমৰ লাভলীনা বৰগোঁহাই আৰু চিমৰণজিৎ কৌৰেও অংশ লব।
কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এই প্ৰশিক্ষণ শিবিৰৰ স্থান পুণেলৈ স্থানান্তৰিত কৰা হৈছে।
ইপিনে আঘাতৰ বাবে দীর্ঘদিন ধৰি প্ৰশিক্ষণৰ পৰা আঁতৰি থকা ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা অসমৰ আন গৰাকী বক্সাৰ যমুনা বড়োয়ো এই প্ৰশিক্ষণ শিবিৰত অংশ লব।
বক্সিঙৰ প্ৰশিক্ষণ শিবিৰটোত অংশ লবলগীয়া বক্সাৰসকল হৈছে মেৰী কম, লাভলীনা বৰগোঁহাই, চিমৰণজিৎ কৌৰ, যমুনা বড়ো, মঞ্জু ৰাণী, চনীয়া লাথাৰ, জেচমিন, লালবোৱাটচাইহি, শশী চোপ্ৰা আৰু অৰুন্ধতী চৌধুৰী। প্ৰশিক্ষণ শিবিৰটো অহা ৩১ জুলাইলৈ চলিব।