Friday, September 30, 2022
HomeNewsঅলিম্পিকলৈ নিৰ্বাচিত বক্সাৰে লাভ কৰিব অনলাইন প্ৰশিক্ষণ : বি এফ আই

অলিম্পিকলৈ নিৰ্বাচিত বক্সাৰে লাভ কৰিব অনলাইন প্ৰশিক্ষণ : বি এফ আই

olympiasports.in

এতিয়াৰে পৰা অলিম্পিকলৈ নিৰ্বাচিত হোৱা ভাৰতীয় বক্সাৰসকলে লাভ কৰিব অনলাইন প্ৰশিক্ষণৰ সুবিধা। সম্প্ৰতি দেশত কৰ’না ভাইৰাছৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে লক ডাউনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে। কৰ’নাই সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি ৰাখিছে। যাৰ বাবে অন্যান্য ক্ষেত্ৰৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পৰিছে। বহুকেইখন প্ৰতিযোগিতা স্থগিত ৰাখিব লগীয়া হৈছে। আনকি জুনত টকিঅ’ত হ’ব লগীয়া অলিম্পিকো এবছৰ পিছুৱাই দিব লগীয়া হৈছে। তেনে পৰিপ্ৰেক্ষিতত ভাৰতীয় বক্সিং ফেডাৰেচনে অলিম্পিকলৈ নিৰ্বাচিত হোৱা বক্সাৰসকলৰ প্ৰস্তুতিত যাতে ব্যাঘাত নজন্মে তাৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰিছে অনলাইন প্ৰশিক্ষণৰ ব্যৱস্থা। এতিয়া বক্সাৰসকলে ঘৰতে থাকি তেওঁলোকৰ প্ৰশিক্ষকৰ পৰা লাগতিয়াল পৰামৰ্শৱলী লাভ কৰিব। তাৰোপৰি লাভ কৰিব পাৰিব তেওঁলোকৰ পৰিপুষ্টি সম্পৰ্কীয় উপদেশ। ই বক্সাৰসকলক মানসিকভাৱেও সাহস যোগাব বুলি আশা কৰিব পাৰি।

দেওবাৰে অলিম্পিকলৈ নিৰ্বাচিত সকলো বক্সাৰৰ সৈতে হোৱা ভিডিঅ’ কণফাৰেন্সৰ যোগেদি এই কথা ঘোষণা কৰে বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ অধ্যক্ষ অজয় সিঙে। উল্লেখযোগ্য যে এইবাৰৰ অলিম্পিকলৈ বুলি ভাৰতৰ ন গৰাকীকৈ বক্সাৰে স্থান সুনিশ্চিত কৰিছিল। সেই বক্সাৰ কেইগৰাকী হ’ল – এম চি মেৰিকম ( ৫১কেজি), ছিমৰণজিৎ কৌৰ ( ৬১কেজি), লাভলীনা বৰগোঁহাই( ৬৯ কেজি), পূজা ৰাণী(৮৫ কেজি), অমিত পঙ্গল ( ৫২ কেজি), মনিষ কৌশিক ( ৬৩ কেজি), বিকাশ কৃষণ ( ৬৯ কেজি) , আশীষ কুমাৰ ( ৭৫ কেজি) আৰু সতিশ কুমাৰ (৯১ কেজি) ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments