Friday, September 30, 2022
HomeNewsভাৰতীয় বক্সিং দলত ভাগ্যৱতী কছাৰী

ভাৰতীয় বক্সিং দলত ভাগ্যৱতী কছাৰী

অলিম্পিয়া প্ৰতিবেদন

অসমৰ প্ৰতিভাৱান মহিলা বক্সাৰ ভাগ্যৱতী কছাৰীয়ে ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰি থাইলেণ্ডত উপস্থিত হৈছে । দেওবাৰৰ পৰা পৰ্যটন ৰাষ্ট্ৰখনৰ ফুকেটত আৰম্ভ হৈছে থাইলেণ্ড অপেন ইন্টাৰনেচনেল বক্সিং টুৰ্ণামেণ্ট । এই টুৰ্ণামেণ্টৰ বাবে বক্সিং ফেডাৰচন অৱ ইণ্ডিয়াই ১৫ জনীয়া দল প্ৰেৰণ কৰিছে । ইয়াৰে ৮ জন পুৰুষ আৰু ৭ গৰাকী মহিলা বক্সাৰ । এছিয়া ,ইউৰোপ , ওচেনিয়া আৰু আফ্ৰিকাৰ ১৩০ গৰাকী বক্সাৰে অংশগ্ৰহণ কৰা টুৰ্ণামেণ্টখন অন্ত পৰিব অহা ১০ এপ্ৰিলত । ইয়াতেই টকিঅ’ অলিম্পিকৰ পাছত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰিব অমিত পংঘাল আৰু আশীষ কুমাৰে । থাইলেণ্ড অপেনত অসম কন্যা ভাগ্যৱতীয়ে ৭৫ কি:গ্ৰা: মিডল ৱেইটত যুজঁ দিব । প্ৰতিযোগিতাত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰাসকলে লাভ কৰিব ক্ৰমে ২০০০ , ১০০০, আৰু ৫০০ মাৰ্কিন ডলাৰ । ২০১৯ বর্ষত অন্তিমবাৰৰ বাবে অনুষ্ঠিত থাইলেণ্ড অপেনত ভাৰতে ১ টা সোণ , ৪ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জেৰে মুঠ ৮ টা পদক লাভ কৰিছিল । এই বাতৰি প্ৰেৰণ কৰিছে বক্সিং ফেডাৰচন অৱ ইণ্ডিয়াৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments