Wednesday, July 6, 2022
HomeNewsএইবাৰ ব্ৰাহ্মণ ক্ৰিকেট টুৰ্ণামেণ্ট; খেলুৱৈয়ে পৰিচয়ৰ প্ৰমাণ পত্ৰ লৈহে ভাগ ল'ব পাৰিব

এইবাৰ ব্ৰাহ্মণ ক্ৰিকেট টুৰ্ণামেণ্ট; খেলুৱৈয়ে পৰিচয়ৰ প্ৰমাণ পত্ৰ লৈহে ভাগ ল’ব পাৰিব

অলিম্পিয়া প্ৰতিবেদন

খেলৰ কোনো জাতি নাই, নাই কোনো ধৰ্ম। খেল এই সকলোৰে পৰা মুক্ত। কিন্তু, একবিংশ শতিকাত যেন কথাবোৰ ক্ৰমাৎ ওলোটা হ’বলৈ ধৰিছে। জাত-পাত, ধৰ্ম-বৰ্ণ এইবোৰৰ প্ৰতি হঠাৎ মানুহ অধিক সচেষ্ট হৈ পৰিছে। যেন এক অঘোষিত প্ৰতিযোগিতা চলিছে সকলোৰে মাজত নিজ ধৰ্ম, বৰ্ণ, জাতি-গোত্ৰক আনতকৈ শ্ৰেষ্ঠ প্ৰতিপন্ন কৰাৰ। জাতি প্ৰথা আমাৰ মানুহৰ মাজত এনেকৈ শিপাইছে যে এতিয়া আনকি এচামে কেৱল নিজ জাতিৰ ব্যক্তিৰ সৈতেহে খেলাৰ প্ৰতি আগ্ৰহী হৈ পৰিছে। তেনে এক কাৰ্যই সংঘটিত হৈছে এইবাৰ হায়দৰাবাদত।

হায়দৰাবাদত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এখন বিশেষ ক্ৰিকেট প্ৰতিযোগিতা। কেৱল ব্ৰহ্মণসকলৰ মাজত অনুষ্ঠিত হৈ আহিছে এই ক্ৰিকেট প্ৰতিযোগিতা। সম্প্ৰতি এই বিশেষ ক্ৰিকেট টুৰ্ণামেণ্টখনৰ প’ষ্টাৰে খলকনি তুলিছে সামাজিক মাধ্যমত। পোষ্টাৰখনত স্পষ্টভাৱে লিখা আছে যে ব্ৰাহ্মণৰ বাদ দি বেলেগ জাতিৰ খেলুৱৈৰ প্ৰৱেশ নিষিদ্ধ।

টুৰ্ণামেণ্টখন যোৱা ২৪ আৰু ২৫ ডিচেম্বৰত হায়দৰাবাদৰ উপ্পলত অনুষ্ঠিত হৈ যায় এই প্ৰতিযোগিতা। উল্লেখযোগ্য যে প্ৰথম অৱস্থাত এই টুৰ্ণামেণ্টখনৰ আৰম্ভ কৰিছিল চাৰিজন অভিযান্ত্ৰিক ব্ৰাহ্মণ ছাত্ৰই।

“আমি ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকসকলক উদ্ধুদ্ধ কৰিবলৈ এই প্ৰতিযোগিতা আয়োজন কৰি আহিছো। ইয়াত আচৰিত হ’বলগীয়া একো নাই। আমাৰ প্ৰথম চিনাকি ভাৰতীয় তাৰ পিছতহে আমি ব্ৰাহ্মণ।” আয়োজকৰ মাজৰে এগৰাকীয়ে সংবাদ প্ৰতিষ্ঠান দ্য লজিকেল ইণ্ডিয়ানৰ আগত কয়।

তেওঁ লগতে কয় যে প্ৰতিযোগিতাখন আয়োজনত অন্য সম্প্ৰদায়ৰ লোকেও তেওঁলোকক সহায় কৰিছে। প্ৰতিযোগিতাৰ পোষ্টাৰ ভাইৰেল হোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে কেৱল ব্ৰাহ্মণ হোৱা বাবেই পোষ্টাৰখন এনেদৰে ভাইৰেল হৈছে। ‘আমি অসহিষ্ণু হ’বলৈ বিচৰা নাই।’ তেওঁ লগতে কয়।

অৱশ্যে, ব্ৰাহ্মণ ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত কৰি এতিয়া সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে আয়োজকসকল।

বহুতে, ব্ৰাহ্মণ্যবাদী চিন্তাই এতিয়াও বহুতৰে মন মগজুত ক্ৰীড়া কৰি থকা বুলি উল্লেখ কৰিছে। আন একাংশই ভাৰতত জাতিপ্রথাৰ সহজে অন্ত নপৰে বুলিও আক্ষেপ প্ৰকাশ কৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments