Friday, September 30, 2022
HomeNewsনলবাৰীত ব্ৰাউন বেল্ট পৰীক্ষা সম্পন্ন

নলবাৰীত ব্ৰাউন বেল্ট পৰীক্ষা সম্পন্ন

✍️ বকোৰ পৰা মনোজ কুমাৰ দাসৰ প্ৰতিবেদন

সমৰকলা প্ৰদৰ্শনত ব্যস্ত এজাক তৰুণ খেলুৱৈ । দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শনেৰে বেল্ট লোৱাৰ অপ্ৰাণ প্ৰচেষ্টা । নলবাৰীৰ দেৱীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনন্য এক ক্ৰীড়াৰ পৰিবেশ ।নলবাৰীত ব্ৰাউন বেল্ট পৰীক্ষা সম্পন্ন ।

অসম কুংফু স্পৰ্টছ এছচিয়েচন আৰু নলবাৰী কুংফু স্পৰ্টছ এছচিয়েচনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে নলবাৰী জিলাৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সম্পন্ন হয় কুংফুৰ ব্ৰাউন বেল্ট পৰীক্ষা । বিগত শনি আৰু দেওবাৰে খেলুৱৈসকলে নিজৰ যোগ্যতা পৰীক্ষকৰ আগত প্ৰদৰ্শন কৰে । মুখ্য পৰীক্ষক হিচাপে থাকিল চিফু শংকৰ দত্ত, চিফু সুভাষ মেধি । আনহাতে,
পৰীক্ষকৰ দায়িত্বত চিফু ৰাজেন ৰামচিয়াৰী, চিফু গৌতম দাস, চিফু নিতাই দাস, পৰাগ বৰ্মন আৰু চিফু অমল শৰ্মা উপস্হিত থাকিল। সুন্দৰভাৱে সম্পন্ন হৈ যোৱা এই কাৰ্যসূচী পৰিচালনা কৰে ৰাজ্যিক কুংফু স্পৰ্টছ এছচিয়েচনৰ সম্পাদক তথা পৰীক্ষক আজাহাৰুল আমিনে । ১৫ গৰাকী পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই পৰীক্ষাত ১২ গৰাকীয়ে সম্মানীয় ব্ৰাউন বেল্ট লাভ কৰিবলৈ সক্ষম হয় । উত্তীৰ্ণ হোৱা পৰিক্ষাৰ্থী সকল হল– মৈত্রেয়ী ভাৰদ্বাজ, কৃষ্ণা ডেকা, জিংকি ডেকা, ডলি তালুকদাৰ, দৃষ্টি ভট্টাচাৰ্য্য, পলাশ ডেকা, সোণেশ্বৰ দাস, ৰন্টুল দাস, প্ৰীতম কাশ্যপ, দীপজ্যোতি তালুকদাৰ, মুকুট ডেকা আৰু বাস্তৱ দাস । ৰাজ্যিক আৰু জিলা সন্থাৰ এই নিৰ্ভেজাল পৰীক্ষা ব্যৱস্থাত উপস্থিত ৰাইজে সন্তোষ আৰু সু-সম্ভাৱনা প্ৰকাশ কৰিছে ।

ক্ৰীড়াপ্ৰেমীৰ আশা– অনাগত সময়ত এই বেন্ট প্ৰাপ্ত খেলুৱৈসকলে অসমৰ ক্ৰীড়াঙ্গনত বৰঙণি যোগাব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments