Wednesday, October 5, 2022
HomeNewsকেতিয়া বিয়া পাতিব বুমৰাহে?

কেতিয়া বিয়া পাতিব বুমৰাহে?

olympiasports.in

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ তথা য়ৰ্কাৰ কি‌ং বুমৰাহে বাৰু কেতিয়া বিয়া পাতিব? কেতিয়া বিয়া পাতিব সেই বিষয়ে ক’ব নোৱাৰিলেও অতি সোনকালে যে তেওঁৰ বিয়া নহয় সেয়া কিন্তু ঠিক।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ সৈতে বুমৰাহৰ এক ভিডিঅ’ কন্ফাৰেঞ্চিঙৰ সময়ত বোমৰাহে তেওঁৰ বিয়াৰ প্ৰসংগত মন্তব্য আগবঢ়াইছে।

নিজৰ বিয়াৰ বাবে যুৱৰাজ সিঙৰ পৰা পৰামৰ্শ বিচাৰে। তেওঁ লগতে কয় যে এতিয়াই বিয়াৰ কথা ভবা নাই।

বুমৰাহক পৰামৰ্শ আগবঢ়াবলৈ গৈ যুৱৰাজে ৰসিকতাৰে কয় ‘বিয়া নকৰোৱাটোৱেই ভাল, ত‌ই নিজৰ মতে থাকিব পাৰিছ। এবাৰ বিয়া পতাৰ পিছত এই স্বাধীনতা নাপাবি। অৱশ্যে মনে বিচৰা ধৰণৰ সংগী পালে কথাটো বেলেগ হয়।’

যুৱৰাজৰ পৰা এই উত্তৰ লাভ কৰাত বুমৰাহে পুনৰ কয় ‘মোৰ সমনীয়া সকলোৰে বিয়াৰ সময় হৈছে। মই সিহঁতক কৈছোঁ তোমালোকে প্ৰথমে বিয়া কৰোৱা। যদি সকলো ঠিকেই থকা দেখোঁ ময়ো ভাবিম।’

আনহাতে একেটা ভিডিঅ’ কন্ফাৰেঞ্চিঙত বুমৰাহে শচীন তেণ্ডুলকাৰক প্ৰিয় বেটছমেন বুলি উল্লেখ কৰাৰ লগতে হৰভজন সিঙক শ্ৰেষ্ঠ অফ স্পীনাৰ বুলি কয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments