Tuesday, October 4, 2022
HomeNewsক্ৰিকেট জগতৰ পৰা আঁতৰি নীলা সাগৰত কি কৰিছে স্পীডষ্টাৰ বুমৰাহে !

ক্ৰিকেট জগতৰ পৰা আঁতৰি নীলা সাগৰত কি কৰিছে স্পীডষ্টাৰ বুমৰাহে !

অলিম্পিয়া প্ৰতিবেদন

ৰোমাঞ্চিক মুডত ক্ৰিকেটাৰ বুমৰাহ । আকাশৰ নীলাৰে আবৃত সাগৰত বুমৰাহ । পত্নী সঞ্জনাৰ সৈতে অৱসৰ বিনোদনত ব্যস্ত ভাৰতীয় পেচ বলাৰ ।

যশপ্ৰীত বুমৰাহ । বলিং শৈলীৰে বিশ্ব ক্ৰিকেটত দখল কৰিছে নিজৰ স্হান । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মৈদানত বহু বাঘা বাঘা ক্ৰিকেটাৰো হৈছে তচনচ । শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে পৰাজয় বৰণ কৰিলেও স্পীডষ্টাৰ বুমৰাহে উজাৰি দিছিল শ্ৰেষ্ঠত্ব । একঘেয়ামি ক্ৰিকেটৰ পৰা বুমৰাহক প্ৰয়োজন আছিল সাময়িক সকাহৰ । আনহাতে, ফেব্ৰুৱাৰীত ৱেষ্ট ইণ্ডিজ শৃংখলাতো জিৰণি দিয়া হৈছে বেগী বলাৰজনক । এইয়াই বুমৰাহৰ অৱসৰ বিনোদনৰ বাবে উপযুক্ত সময় । পত্নী সঞ্জনা গণেশনৰ সৈতে নিৰিবিলি পৰিবেশত দেখা গল বুমৰাহক । এখন নাওত এনেদৰে ফটোত প’জ দিছে চেলেব্ৰেটি দ্যম্পতিয়ে । মুখত দুয়োৰে আনন্দৰ হাঁহি । ইতিমধ্যে বুমৰাহ -সঞ্জনাই তেওঁলোকৰ এই ফটো ছচিয়েল মিডিয়াতে চেয়াৰ কৰিছে । অনুৰাগী সকলৰ মাজতো এই ফটোক লৈ চলিছে ব্যাপক চৰ্চা । বুমৰাহৰ পত্নীয়ে নিজৰ এক ফটো চেয়াৰ কৰি লিখিলে” মই নিজকে নাটকীয়ভাৱে এখন নাওত আৱিষ্কাৰ কৰিলো” । এইদৰে সাগৰৰ নীলাৰ মাজত জীৱনৰ ছন্দ বিছাৰিছে জনপ্ৰিয় ক্ৰিকেটাজনে ।

উল্লেখযোগ্য যে, এইগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰে ২০২১ বৰ্ষৰ মাৰ্চত সঞ্জনাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল । এইগৰাকী টিভি প্ৰেজেণ্টৰক বিয়া কৰোৱাৰ পাছত বহুবাৰ অৱসৰ বিনোদন কৰিছে বুমৰাহে । ইয়াৰ পূৰ্বেও দক্ষিণ আফ্ৰিকাত থাকোতে দুয়ো সময় অতিবাহিত কৰিছিল ৰাষ্ট্ৰীয় উদ্যানত । সেউজীয়াই যেন হাতবাউলি মাতিছিল বুমৰাহক । ইয়াৰ বাহিৰেও ইংলিছ প্ৰিমিয়াৰ ফুটবল লীগ চাবলৈ ম্যানচেষ্টাৰ ইউনাইটেডৰ ঘৰুৱা খেলপথাৰ অল্ড ট্ৰেফফৰ্ডত উপস্থিত আছিল এই ৰোমান্টিক যুটি ।
বুমৰাহে প্ৰায়ে কয়, সঞ্জনা তেওঁৰ পত্নী হোৱাৰ উপৰি এগৰাকী ভাল বান্ধৱী । এগৰাকী ক্ৰিকেটাৰৰ খেলৰ মৈদানত থাকে অনেক উত্থান-পতন । সেই সকলোবোৰৰ সৈতে ৰজিতা খুৱাই চলিব পৰা মানসিকতা আছে পত্নী সঞ্জনাৰ ।

এতিয়াও ভাৰতীয় ক্ৰিকেটপ্ৰেমীয়ে ক্ৰিকেটৰ মৈদানত স্পীডষ্টাৰ বুমৰাহৰ পৰা বহু আশা কৰে । অনুৰাগীৰ আশা– ভাৰাক্ৰান্ত জীৱনত এই অৱসৰ বিনোদনে বুমহাৰক প্ৰদান কৰক নতুন উদ্যম । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বলিং ক্ষেত্ৰত পুনৰ বিশ্বত্রাসী হৈ উঠক কোটি কোটি ভাৰতীয় আবেগ যশপ্ৰীত বুমৰাহ ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments