এইবাৰ বেটেৰেও জিলিকিল বুমৰাহ; খেলিলে জীৱনৰ প্ৰথমটো অৰ্ধশতকীয় ইনিংছ

অলিম্পিয়া প্ৰতিবেদন

ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত সম্প্ৰতি চলি আছে অষ্ট্ৰেলিয়া এ বনাম ভাৰতীয় ‘এ’ৰ প্ৰস্তুতি মেচ। আজি মেচৰ প্ৰথমটো দিনত বেটিঙেৰে উজলি উঠিল ভাৰতীয় দলৰ পেচাৰ যশপ্ৰীত বুমৰাহ। ভাৰত এ দলৰ শীৰ্ষ ক্ৰমৰ সকলো বেটছমেন ব্যৰ্থ হয় প্রথমটো ইনিংছত। ভাৰতীয় এ দলটো ১৯৪ ৰানতে সীমাবদ্ধ হোৱাৰ বিপৰীতে বুমৰাহে জীৱনৰ সৰ্বাধিক ৫৫ ৰানৰ ইনিংছটো খেলিবলৈ সক্ষম হয়। ৫৭ টা বলত ৫৫ ৰান কৰি অপৰাজিত হৈ থাকে বুমৰাহ। চাৰিটাকৈ চাৰি আৰু দুটা ছয়ৰে বুমৰাহে নিজৰ ইনিংছটো সজাইছিল।

বুমৰাহে মহম্মদ চিৰাজৰ সৈতে অন্তিম উইকেটৰ যুটিত ৭১ ৰান যোগ দিয়ে। ইয়াৰ আগতে বুমৰাহৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত সৰ্বাধিক ৰান আছিল অপৰাজিত ১৬। ইনিংছৰ শেষত পেভিলিয়নমুখী বুমৰাহক ড্ৰেছিং ৰুমত সকলো সতীৰ্থই সন্মন প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে ভাৰত অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ পূর্বে এইখন আছিল তিনিদিনৰ এখন প্রস্তুতি মেচ।

Leave a Reply

Your email address will not be published. Required fields are marked *