Monday, October 3, 2022
HomeNewsকপি হ'ল বুমৰাহৰ বলিং ষ্টাইল

কপি হ’ল বুমৰাহৰ বলিং ষ্টাইল

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় জাতীয় ক্ৰিকেট দল তথা চলিত আই পি এলৰ মুম্বাই ইণ্ডিয়ানছৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ । তেওঁৰ বলিং ষ্টাইলেই হওক বা বলৰ বেগেই নহওক কিয় দুয়োটা দিশেই আকৰ্ষিত কৰি তোলে ৰথী মহাৰথী ক্ৰিকেটাৰৰ লগতে দৰ্শককো । এইবাৰ কপি হ’ল বুমৰাহৰ বলিং ষ্টাইল । অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ নিক মেডিনচনে কপি কৰিলে বুমৰাহৰ বলিং ষ্টাইল । মেডিনচন মূলতঃ এজন বেটছমেন হ’লেও দলীয় স্বাৰ্থত ভিক্টোৰিয়াৰ বিৰুদ্ধে ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়াৰ চলি থকা মেচৰ ১৬১নম্বৰ অভাৰত বল কৰিবলৈ আগবাঢ়ি আহিল মেদিনচন । তাতেই তেওঁক দেখা গল বুমৰাহৰ দৰে একেই ষ্টাইলত বল কৰা । উল্লেখনীয় যে বলিং ষ্টাইল কপি কৰা এয়া কোনো নতুন বিষয় নহয় যদিও ভাৰতীয় বেগী বলাৰ বুমৰাহক কপি কৰা বিষয়টোৱে বিশেষ খলকনি তুলিছে টুইটাৰত । পূৰ্বতে অষ্ট্ৰেলিযান ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণক একেই দেশৰে আদাম জাম্পাই, লাচিথ মালিঙ্গাক মিটিছ পাৰ্টাৰৰ লগতে বহু বলাৰে ইজনে আনজনৰ বলিং ষ্টাইল কপি কৰা দেখা যায় যদিও বুমৰাহৰ ঘটনাই টুইটাৰত কি উদ্দেশ্যৰে ইমান খলকনি তুলিছে সেয়া অজ্ঞাত । যদিও বুমৰাহৰ বাবে এয়া শুভ দিন বুলিয়েই গণ্য কৰিব পাৰি ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 + 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments