গুৱাহাটীত আৰম্ভ আন্তঃ জিলা বাস্কেটবল প্ৰতিযোগিতা ,ৰাজ্যৰ কেইবাখনো জিলাৰ খেলুৱৈৰ অংগ্ৰহণ

অলিম্পিয়া প্ৰতিবেদন

চলিত মাহৰ ২৬ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে ৩৫ সংখ্যক অন্তঃজিলা জুনিয়ৰ – ছিনিয়ৰ বাস্কেটবল প্ৰতিযোগিতা । শুকুৰবাৰে গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ প্ৰাংগনত এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰা হয় । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ক্রীড়া মন্ত্ৰী বিমল বৰা, সাংসদ কুইন ওজা, অসম ক্রীড়া প্ৰধিকৰণৰ উপাধ্যক্ষ তথা অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, সাংসদ পল্লৱ লোচন দাস, সাংসদ প্ৰদান বৰুৱা, ৰিনিকি ভূঞা শৰ্মা, বিধায়ক পৃথ্বীৰাজ ৰাভা, সঞ্জীৱ নাৰায়ণ, ক্রীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰী, ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যক্ষকে ধৰি বহু বিশিষ্ট লোক ।

সমগ্ৰ বিশ্বৰ ভিতৰতেই অত্যন্ত জনপ্ৰিয় ক্রীড়া হিচাপে পৰিগণিত বাস্কেট বলক অসমতো অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে অসম অলিম্পিক সন্থাই এই পদক্ষেপ গ্ৰহণ কৰিছে । ইয়াৰ বাবে অসম অলিম্পিক সন্থাই সাংসদ পল্লৱ লোচন দাসক অধ্যক্ষ হিচাপে লৈ ৫ জনীয়া এখন কমিটি গঠন কৰিছিল। উক্ত কমিটীৰ বাকী সদস্যসকল হ’ল– ক্ৰমে – অনুপ চৌধুৰী , কামিনী শৰ্মা, প্ৰনামী দলে আৰু জেহেৰুল হক।
ইতিমধ্যে জুনিয়ৰ পৰ্যায়ত বিভিন্ন জিলাৰ ২১ টা দলে এই প্ৰতিযোগিতাত অংশ লৈছে । ইয়াৰ ভিতৰত ১৪ টা ল’ৰা আৰু ৭ টা ছোৱালীৰ দ’ল । আনহাতে দেওবাৰৰ পৰা আৰম্ভ হ’ব ছিনিয়ৰ পৰ্যায়ৰ খেলসমূহ ।


অসমত উত্থান হওঁক বাস্কেট বল। গাঁৱে ভূয়ে , চহৰে নগৰে সোমাই থকা প্ৰতিভাসমূহ এনে প্ৰতিযোগিতাৰ জৰিয়তে জিলিকি উঠক । অসম অলিম্পিক সন্থাৰ পদক্ষেপে সাফল্য লাভ কৰক । ক্রীড়াপ্ৰেমী ৰাইজেও তাকেই আশা কৰিছে। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাৰ জৰিয়তে অসমৰ বাস্কেটবল দলবোৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংগ্ৰহণ কৰাৰ ক্ষেত্ৰত থকা বাধা আঁতৰিল বুলি মন্ত্যব্য কৰিছে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *