অলিম্পিয়া প্রতিবেদন
টেনিছ তাৰকা ছ’ফিয়া কেনিনে প্ৰশিক্ষক পদৰ পৰা আতঁৰালে নিজ পিতৃ এলেক্স কেনিনক। পিতৃৰ ঠাইত ছ’ফিয়াই তেওঁৰ প্ৰশিক্ষণৰ বাবে এটা সম্পূৰ্ণ নতুন দলক নিয়োগ কৰাৰ কথা ঘোষণা কৰিছে জনপ্ৰিয় সামাজিক মাধ্যম ইনষ্টাগ্ৰামৰ জৰিয়তে।
উল্লেখযোগ্য যে পিতৃ এলেক্স কেনিনৰ সহযোগতে ছ’ফিয়াই ২০২০চনৰ ফ্ৰেন্স অপেনৰ ৰানাৰ্ছ আপ আৰু অষ্ট্ৰেলিয়ান অপেনৰ চেম্পিয়নৰ খিতাপ দখল কৰিছিল। ২২ বছৰীয়া আমেৰিকানগৰাকী বৰ্তমান আছে ডব্লিউ টি এ ৰেংকিঙৰ চতুৰ্থ স্থানত। কেনিনৰ পূৰ্বৰ প্ৰতিখন প্ৰতিযোগিতাতে প্ৰশিক্ষক পিতৃ এলেক্সক ছ’ফিয়াৰ সৈতে কোর্টত দেখা পোৱা গৈছিল। খেল চলি থকাৰ মাজত ছ’ফিয়াক বিভিন্ন নিৰ্দেশনা দি শ্বেয়াৰ আম্পায়াৰৰ পৰা সকীয়নিও লাভ কৰিছিল এলেক্সে।
উল্লেখযোগ্য যে,ছ’ফিয়াৰ জন্মৰ বহু দিনৰ আগতে পিতৃ এলেক্স পৰিয়ালসহ মস্কোৰ পৰা নিউয়ৰ্ক চিটিলৈ আহিছিল। নিউয়ৰ্ক চিটিত এলেক্সে দিনত শিক্ষকতাৰ কাম কৰাৰ বিপৰীতে ৰাতি অটোচালকৰ কাম কৰিছিল। ছফিয়াৰ জন্মৰ কেইবছৰমান আগতে তেওঁলোকে নিউয়ৰ্ক চিটি এৰি ফ্লৰিডাত থাকিবলৈ লয়। ২০২০ চনৰ সফলতাৰ পিছত আন্তৰাষ্ট্ৰীয় টেনিছত বিশেষ ফলাফল দেখুওৱাবলৈ সক্ষম হোৱা নাই ছফীয়াই। শেহতীয়াকৈ অংশ লোৱা ছয়খন মেচৰ পাঁচখনতেই পৰাজয়ৰ সন্মুখীন হৈছে ছ’ফিয়া।