Monday, October 3, 2022
HomeNewsৰোমন্থন ১৯৬৪ ৰ টকিঅ' অলিম্পিক; ইতিহাসৰ পাতত লুকাই থকা এজন ভাৰতীয় জিমনাষ্ট

ৰোমন্থন ১৯৬৪ ৰ টকিঅ’ অলিম্পিক; ইতিহাসৰ পাতত লুকাই থকা এজন ভাৰতীয় জিমনাষ্ট

২০১৬ চনৰ ১৪ আগষ্ট। সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি এগৰাকী ভাৰতীয় তনয়াৰ ওপৰত। সকলোৰে আশা মেডেল এটা আহক। জিমনাষ্টিক কি, ক’ত, কিয় বিখ্যাত তালৈ কাৰো ভ্ৰূক্ষেপ নাই।

এয়া আছিল ৰিঅ’ অলিম্পিকৰ সময়ৰ কাহিনী। ভাৰতৰ সৰু ৰাজ্য ত্ৰিপুৰাৰ কন্যা দীপা কৰ্মকাৰে সেইবাৰ ইতিহাস সৃষ্টি কৰিছিল। অসাধাৰণ প্ৰতিভা আৰু একাগ্ৰতাৰ বলত ভাৰতীয় কন্যা দীপা অলিম্পিকত জিলিকি উঠিছিল। চমকিত হৈ পৰিছিল বিশ্ববাসী। কাৰণ দীপা সেইখন ভাৰতৰ জিমনাষ্ট য’ত জিমনাষ্টিকক কিমানজন ভাৰতীয়‌ই জানে, বুজে তাতো সন্দেহ আছে। দীপা সেইখন ভাৰতৰ জিমনাষ্ট য’ত জিমনাষ্ট নামৰ সুন্দৰ ফুলপাহ ফুলি উঠা নাই। ফুলিবলৈ গছজোপাক সাৰ-পানী দিয়া হোৱা নাই। দীপ সেইখন ভাৰতৰ জিমনাষ্ট য’ত আকাশত ক্ৰিকেট, বতাহত ক্ৰিকেট আৰু মাটিত ক্ৰিকেট। আচৰিত হোৱাৰে কথা।

ৰিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ সময়ৰ পৰা অলিম্পিক প্ৰতিযোগিতাখনত এঢাপ এঢাপ কৈ আগুৱাই গৈ পদকৰ কাষ পোৱা লৈকে ভাৰতীয়‌ই বুজিছিল জিমনাষ্টিকো এবিধ ক্ৰীড়া। সকলোৱে সেই বিশেষ দিনটোত বিচাৰিছিল বিশ্ব ক্ৰীড়াংগনখনত দীপা কৰ্মকাৰে লাভ কৰক এটা পদক। পদকৰ কাষ চাপিবলৈ সক্ষম হৈও পদক লাভ কৰিবলৈ সক্ষম নহ’ল দীপা। চতুৰ্থ স্থানতে সীমাবদ্ধ হৈ থাকিল জিমনাষ্ট নুবুজা, নেদেখা ভাৰতীয়ৰ দৃষ্টি কাঢ়ি অনা দীপা কৰ্মকাৰ নামৰ ত্ৰিপুৰাৰ জিমনাষ্ট গৰাকী।

২০১৬ চনৰ ১৪ আগষ্টৰ পিছৰে পৰা ভাৰতীয়সকলে জানে জিমনাষ্ট, বুজি পায় জিমনাষ্ট, চিনি পায় ত্ৰিপুৰা ৰাজ্যৰ কন্যা জিমনাষ্ট দীপা কৰ্মকাৰক। কিন্তু কিমান জনে চিনি পায় অনন্ত ৰাম ডোগৰাক? কিমানজন ভাৰতীয়‌ই জানে কেপ্তেইন অনন্ত ৰাম ডোগৰাক?

২০১৬ চনৰ ১৪ আগষ্টৰ পিছত জিমনাষ্ট চিনি পোৱা বুজি পোৱা সকলে বাৰু কল্পনা কৰিব পাৰেনে যে এইখন ভাৰতৰে এজন ব্যক্তিয়ে দেশ স্বাধীন হোৱাৰ মাত্ৰ কেইটামান বছৰ পিছতেই বিশ্ব ক্ৰীড়াংগন ‘অলিম্পিক’ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল জিমনাষ্টত?

হয়, ১৯৫৬ চনৰ মেলবৰ্ণ অলিম্পিকত অনন্ত ৰাম ডোগৰা নামৰ এজন ভাৰতীয় ব্যক্তিয়ে অলিম্পিকত এজন জিমনাষ্ট হিচাপে অংশগ্ৰহণ কৰিছিল। অকল ১৯৫৬ চনৰ মেলবৰ্ণ অলিম্পিকেই নহয়, ১৯৬৪ চনৰ টকিঅ’ অলিম্পিকতো অংশগ্ৰহণ কৰিছিল এইজন অনন্ত ৰাম ডোগৰাই। ইয়াৰ মাজত আকৌ ১৯৬০ চনৰ ৰোম অলিম্পিকলৈও যোগ্যতা অৰ্জন কৰিছিল অনন্ত ৰাম ডোগৰাই। কিন্তু ভাৰতীয় সেনাৰ ছুটি জৰুৰীকালীনভাৱে বাতিল কৰাৰ বাবেই ১৯৬০ চনৰ ৰোম অলিম্পিক প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব নোৱাৰিলে অনন্ত ৰাম ডোগৰাই।

হিমাচল প্ৰদেশৰ অনন্ত ৰাম ডোগৰাই ১৯৪৭ চনত হাবিলদাৰ হিচাপে সেনাবাহিনীত যোগদান কৰি এবছৰৰ পিছত পঞ্জাৱ ৰেজিমেণ্টত গাড়ীচালক হিচাপে যোগদান কৰিছিল। ইয়াৰ মাজতেই অনন্ত ৰামে ১৯৫১ চনত লক্ষ্ণৌ চহৰত Physical Training ৰ এক চমু শিবিৰত যোগদান কৰিছিল। ইয়াৰ পৰাই অনন্ত ৰাম নিৰ্বাচিত হৈছিল Army Institute of Physical Training পোনালৈ। ইয়াত এঘাৰমাহ বাবে অনন্ত ৰামে গ্ৰহণ কৰে Long, Advance as well as Selected Training।

ইয়াৰ পিছতেই অনন্ত ৰাম ডোগৰাই ১৯৫৪-৫৫ ৰ ৰাষ্ট্ৰীয় জিমনাষ্টিক চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অনন্ত ৰামে ফ্ল’ৰ এক্সাৰচাইজত স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হ’ল। এয়াই আৰম্ভণি। ইয়াৰ পিছত বহু বছৰ সেনাৰ হৈ জিমনাষ্টিকত অংশগ্ৰহণ কৰি বহু পদক লাভ কৰিলে।

বৰ্তমানলৈকে অলিম্পিকত দুবাৰকৈ জিমনাষ্টিকত অংশগ্ৰহণ কৰা ভাৰতীয়ৰ সন্মান লাভ কৰা প্ৰথমজন ভাৰতীয় অনন্ত ৰাম ডোগৰা। দুবাৰকৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ লগতে অনন্ত ৰামে তিনিবাৰ যোগ্যতা অৰ্জন কৰিছে।

দুবাৰকৈ অলিম্পিকত জিমনাষ্টিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অনন্ত ৰাম ডোগৰাই ১৯৮০ চনত সেনাবাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ আগে আগে এইগৰাকী জিমনাষ্ট তথা সেনাক ভাৰতীয় সেনাই সন্মানীয় কেপ্তেইন সন্মান প্ৰদান কৰে। ইয়াৰ উপৰিও ১৯৮০ চনতেই কেপ্তেইন অনন্ত ৰাম ডোগৰাক ক্ৰীড়াৰ প্ৰতি থকা অৱদানৰ বাবেই প্ৰদান কৰা হৈছিল Vishist Sewa Medal।

১৯৬৪ চনৰ টকিঅ’ অলিম্পিকৰ পিছত ২০২০ চনত পুনৰ টকিঅ’ চহৰত অনুষ্ঠিত হ’বলৈ আগবাঢ়িছে অলিম্পিক প্ৰতিযোগিতা। মাজত মাথোঁ কেইটামান দিন। বৰ্তমানলৈকে এই প্ৰতিযোগিতাখনলৈ ভাৰতীয় জিমনাষ্টে যোগ্যতা অৰ্জন কৰা নাই। তথাপিও কেপ্তেইন অনন্ত ৰাম ডোগৰাই ৩১ বছৰ বয়সত ১৯৬৪ চনৰ টকিঅ’ অলিম্পিকত ভাৰতীয় জিমনাষ্টিকক বিশ্ববাসীৰ আগত দাঙি ধৰাৰ সেই দৃশ্য‌ই পুনৰ আমনি কৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments