বিশ্ব ক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ শ্বাটলাৰ কেৰ’লিনা মাৰিনে দক্ষিণ কোৰিয়াৰ এন চে ইয়ঙক পৰাস্ত কৰি প্ৰৱেশ কৰিছে থাইলেণ্ড অপেনৰ ফাইনেলত। ইয়াৰ লগে লগে টকিঅ’ অলিম্পিকৰ বাবে প্ৰায় স্থান নিশ্চিত হ’ল স্পেনিছ সুন্দৰীগৰাকীৰ।
শনিবাৰে অনুষ্ঠিত ছেমি ফাইনেল মেচখনত দক্ষিণ কোৰিয়াৰ প্ৰতিপক্ষক কেৰ’লিনাই ২১-১৯,২১-১৫ ব্যৱধানত পৰাস্ত কৰে। বিশ্বৰ ছয় নং ৰেংকৰ ২৭ বছৰীয়া শ্বাটলাৰগৰাকীৰ এতিয়া লক্ষ্য চলিত বিদেশ ভ্ৰমণৰ দ্বিতীয়টো খিতাপ দখল কৰাৰ।
উল্লেখযোগ্য যে,ৱৰ্ল্ড ট্যুৰৰ ফাইনেল মেচ আৰম্ভ হোৱাৰ পূৰ্বে কেৰলিনাই বেংককত তিনিখনকৈ টুৰ্ণামেণ্টত অংশ ল’ব। এই জয় সাব্যস্ত কৰি উৎফুল্লিত হৈ পৰিছে তাৰকা শ্বাটলাৰগৰাকী। টুইটাৰত ফটো প্ৰকাশ কৰি তেওঁ লিখিছে ‘আৰু কেৱল এটা খোজ বাকী!’