Friday, September 30, 2022
HomeNewsহেট্ৰিক কুইন বন্দনা কাটাৰিয়াৰ ঘৰৰ সমুখত একাংশৰ উদ্ভণ্ডালি, জাতিত ধৰি গালি-গালাজ

হেট্ৰিক কুইন বন্দনা কাটাৰিয়াৰ ঘৰৰ সমুখত একাংশৰ উদ্ভণ্ডালি, জাতিত ধৰি গালি-গালাজ

অলিম্পিয়া প্রতিবেদন

বুধবাৰে টকিঅ’ অলিম্পিকৰ মহিলা হকীৰ ছেমি-ফাইনেলত আৰ্জেন্টিনাৰ হাতত পৰাস্ত হোৱাৰ পিছত এক অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হয় ভাৰতীয় দলটোৰ তাৰকা খেলুৱৈ বন্দনা কাটাৰিয়াৰ পৰিয়ালবৰ্গ। মেচখনত ভাৰতীয় দলটো পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতেই বন্দনাৰ ঘৰৰ সমুখত উপস্থিত হৈ একাংশই পৰিয়ালটোক জাতিত ধৰি গালি-গালাজ কৰাৰ কথা পোহৰলৈ আহিছে।

প্ৰাপ্ত খবৰ অনুসৰি, দুগৰাকী উচ্চ বৰ্ণৰ লোক তেওঁলোকৰ ঘৰৰ সমুখত উপস্থিত হৈ ফটকা ফুটাই উৎপাত কৰাৰ লগতে তেওঁলোকে ভাৰতীয় দলটোত নিম্ন জাতিৰ খেলুৱৈ থকা বাবেই দলতো এনেদৰে পৰাস্ত হ’বলগা হোৱা বুলি মন্তব্য কৰে। তেওঁলোকে লগতে মন্তব্য কৰে যে কেৱল হকীয়েই নহয় অন্যান্য খেলৰ পৰাও দলিত লোকসকলক আঁতৰত ৰাখিব লাগে।

ঘটনা সন্দৰ্ভত বন্দনাৰ পৰিয়ালৰ লোকে আৰক্ষীক গোচৰ দিছে। ইতিমধ্যে আৰক্ষীয়েও দুয়োজন যুৱককে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে পুলৰ অন্তিমখন মেচত বন্দনা কাটাৰিয়াই দক্ষিণ আফ্ৰিকাৰ বিপক্ষে হেট্ৰিক অর্জন কৰি অভিলেখ সৃষ্টি কৰিছিল। তাৰোপৰি, ভাৰতীয় মহিলা দলটোৱেও প্ৰথমবাৰৰ বাবে হকীত ছেমি ফাইনেললৈ উত্তীৰ্ণ হৈ আন এক বিৰল অভিলেখ গঢ়িবলৈ সক্ষম হয়।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments