Tuesday, October 4, 2022
HomeNewsৰাষ্ট্ৰীয় কেটলবলত জিলিকিল অসমৰ সুভাষ ৰঞ্জন বৰা :মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত...

ৰাষ্ট্ৰীয় কেটলবলত জিলিকিল অসমৰ সুভাষ ৰঞ্জন বৰা :মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত সম্বৰ্ধনা জ্ঞাপন

অলিম্পিয়া প্ৰতিবেদন

কেটলবলত অসম সন্তানৰ সাফল্য । ৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ বিভাগৰ ছাত্র । তিনিটা স্বৰ্ণ অৰ্জনেৰে অসমলৈ কঢ়িয়াই আনিলে গৌৰৱ ।

নাম তেওঁৰ সুভাষ ৰঞ্জন বৰা । ঘৰ যোৰহাট চহৰৰ ঢেকিয়াখোৱা নামঘৰৰ সমীপত । বৰ্তমান গুৱাহাটীৰ ৰূপনগৰত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগবিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগত গ্ৰহণ কৰি আছে শিক্ষা । এই গৰাকী যোগ ছাত্রই ৰাষ্ট্ৰীয় কেটল বল প্ৰতিযোগিতাত ৩ টা স্বৰ্ণ অৰ্জনৰে বিশ্ববিদ্যালয়খনৰ লগতে অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ । ২০১৭ চনৰ পৰাই কেটলবল অনুশীলনত ব্যস্ত থকা সুভাষে বিগত ১২ আৰু ১৩ মাৰ্চত মুম্বাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি এই সাফল্য অৰ্জন কৰিছে । দেশৰ বিভিন্ন ৰাজ্যৰ খেলুৱৈৰ মাজত অসমৰ সুভাষে দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰৰ্দশন । ৬৩ কেটেগুৰিৰ Classic Biothlon, Snatch আৰু one arm Along cycle আদি মুঠ তিনিটা শাখাত উজলিল ২৬ বছৰীয়া সুভাষ । ৰাজ্যৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ পাই সুখী ছাত্রজন ।

উল্লেখযোগ্য যে, প্ৰশিক্ষক অংশুমান দত্তৰ তত্বাৱধানত ভঙাগড়ৰ টেন্সফৰ্মাৰ ফিটনেছ একাডেমীত লৈছিল কেটলবলৰ আদিপাঠ । বিশ্ববিদ্যালয়ৰ ছাত্র হোৱাৰ হেতুকে পঢ়াৰ মাজতে কেটল বল অনুশীলনৰ সময় উলিয়াই ছাত্রজনে । পিছে এয়াই তেওঁৰ প্ৰথম সফলতা নহয় । ইয়াৰ পূৰ্বেও ২০২০ বৰ্ষত কেটলবলত আজুৰি আনিছে স্বৰ্ণ ।

স্বাভাৱিকতে সুভাষৰ সাফল্যত উৎফুল্লিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ । মঙ্গলবাৰে বিশ্ববিদ্যালয়খনত ছাত্রজনক সম্বৰ্ধনা জনালে কতৃপক্ষই । বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, ছাত্র-ছাত্রীসকলে জনালে শুভেচ্ছা । সুভাষ ৰঞ্জন বৰাৰ এই সফলতাত আনন্দিত বিশ্ববিদ্যালয় খনৰ যোগ বিভাগৰ মুৰব্বী উজ্জ্বল অৰুণ মাক্সে ।

ইফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃণাল কুমাৰ বৰা এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি সুভাষক প্ৰশংসাৰে উপচাই পেলায় ।

উপাচাৰ্যজনে বিশ্ববিদ্যালয়খনত ক্ৰীড়াৰ পৰিবেশ উন্নয়নৰ বাবে গ্ৰহণ কৰিবলগীয়া ক্ৰীড়া প্ৰকল্পৰ বাবে আগন্তুক পৰিকল্পনাৰ কথা দোহাৰিলে ।

উল্লেখযোগ্য যে, এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ডেপুটি ৰেজিষ্টাৰ ড. শেখৰ কান্তি শংকৰ, সহকাৰী প্ৰবক্তা মাধন বৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ কৰ্মকতাসকল ।

ক্ৰীড়া অনুৰাগীৰ আশা– উপাচাৰ্যজনে উল্লেখ কৰাৰ দৰে, নতুন ক্ৰীড়া প্ৰকল্প নিৰ্মাণ হৈ বিশ্ববিদ্যালয়খনত গঢ়ি উঠক এক সুস্থ ক্ৰীড়াৰ পৰিবেশ । সুভাষৰ দৰে আন আন শিক্ষাৰ্থীসকলো জিলিকি উঠক ক্ৰীড়াঙ্গনত । কেটলবলত অপ্ৰতিৰোধ্য হওক সুভাষৰ বিজয়মুখী জয়যাত্রা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five + fourteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments