olympiasports. in
অলিম্পিয়া বাৰ্তা
ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ(SAI) চমুকৈ ছাইৰ উদ্যোগত আৰু ভাৰতীয় সাঁতোৰ সন্থাৰ সহযোগত অনুষ্ঠিত অনলাইন কৰ্মশালাৰ অনুষ্ঠানত আজি কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেন ৰিজুজুই অংশগ্ৰহণ কৰে। ‘প্ৰতিভা চিনাক্তকৰণৰ দৃষ্টিভংগী’ শীৰ্ষক আজিৰ অনুষ্ঠানটোত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰীজনে ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৮০৬ গৰাকীকৈ সাঁতোৰ প্ৰশিক্ষকৰে মত বিনিময় কৰে।

অনুষ্ঠানটোত ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে দেশত তলাবন্ধৰ অন্ত পৰাৰ পিছতে সাঁতোৰ সন্থাৰ কৰ্মকতা তথা প্ৰশিক্ষকসকলৰ লগতে উদীয়মান সন্তৰণবিদসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ আগ্ৰহ প্ৰকাশ কৰে। লগতে তেওঁ পৰৱৰ্তী অলিম্পিক তথা বৃহৎ প্ৰতিযোগিতাসমূহৰ বাবে ভাৰতৰ সাঁতোৰৰ এখন ৰোডমেপ তৈয়াৰ কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে।
উল্লেখযোগ্য যে দেশত চলি থকা তলাবন্ধৰ বাবে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰনে বিভিন্ন অনলাইন কাৰ্যসূচী গ্ৰহণ কৰি ক্ৰীড়াক্ষেত্রখনক উজ্জীৱিত কৰি ৰখাৰ প্ৰয়াস অব্যাহত ৰাখিছে। সেই উদ্দেশ্যেই ছাইয়ে ভাৰতীয় সাঁতোৰ সন্থাৰ সহযোগত শুভাৰম্ভ কৰে Swim Coaches Knowledge Series শীৰ্ষক অনুষ্ঠানৰ।
১৬ এপ্ৰিলৰ পৰা ১৫ মে’লৈ অনুষ্ঠিত হ’বলগীয়া উক্ত অনুষ্ঠানত প্ৰতিদিনে দেশৰ ভিন্ন প্ৰান্তৰ প্ৰায় আঠ শতাধিক সাঁতোৰ প্ৰশিক্ষকে অংশগ্ৰহণ কৰি আহিছে।

উল্লেখযোগ্য যে বহুকেইজন বিদেশী সাঁতোৰ প্ৰশিক্ষক আলোচক হিচাবে থকা এই অনলাইন কৰ্মশালাত অসমৰো ছজনকৈ প্ৰশিক্ষকে অংশগ্ৰহণ কৰিছে। কমনৱেলথ গেমছত ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰা অসমৰ ৰাজীৱ দে’ৰ উপৰিও অনুষ্ঠানটোত অসমৰ বিশিষ্ট সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুং, আতিকুৰ ৰহমান, দিব্যজ্যোতি শৰ্মা, ছাইৰ প্ৰশিক্ষক মৃণাল বসুমতাৰী, ৰবিউল আলম খাদিমেও অংশগ্ৰহণ কৰে।