Monday, October 3, 2022
HomeNewsজগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীৰ দেওবাৰৰ ফাইনেলত বাড বনাম তেজপুৰ

জগতচন্দ্ৰ দাস চতুৰ্থ টি-২০ চেলেঞ্জ ট্ৰফীৰ দেওবাৰৰ ফাইনেলত বাড বনাম তেজপুৰ

অলিম্পিয়া প্ৰতিবেদন

মঙ্গলদৈ ষ্টেডিয়ামত অনুষ্ঠিত জগতচন্দ্ৰ দাস সোঁৱৰণী চতুৰ্থ টি-২০ ক্ৰিকেট টুৰ্ণামেণ্টৰ দেওবাৰৰ ফাইনেলত বাড ক্ৰিকেট ক্লাবক প্ৰত্যাহ্বান জনাব তেজপুৰৰ বি ডি এম টি চি চি চি দলে । ২২ য়াৰ্ডছ গ্ল’ৰীৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাৰ শনিবাৰৰ দ্বিতীয়খন ছেমিফাইনেলত তেজপুৰৰ বি ডি এম টি চি চি চি দলে ৰিভাৰ ৰাইন ক্লাবৰ বিৰুদ্ধে ৯ উইকেটত সহজে জয়লাভ কৰে । ৰিভাৰ ৰাইনে প্ৰথমে বেট ধৰি ১৬.১ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ ৬৪ ৰাণ । দলৰ ৰঞ্জিত চাংমায়ে ২০ ৰাণ কৰাৰ বাহিৰে অধিকাংশ খেলুৱৈয়ে উইকেটত সৰহপৰ টিকিব নোৱাৰিলে । বলিঙত প্ৰতিপক্ষৰ ৰাজাকুদ্দিন আহমেদে ৬ ৰাণৰ বিনিময়ত ৩ টা উইকেট দখল কৰি মেন অৱ দ্য মেচ হিচাপে প্ৰভাৱতী দেৱী সোঁৱৰণি ট্ৰফী লাভ কৰে । প্ৰত্যুত্তৰত তেজপুৰৰ দলটোৱে শিৱশংকৰ ৰয়ৰ অপৰাজিত ২৭ আৰু সৌৰভ মৌচম দিহিঙীয়াৰ ২৯ ৰাণৰ সহায়ত মাত্ৰ ৮.১ অভাৰত এটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় । দেওবাৰে দিনৰ ১২ বজাৰ পৰা হ’বলগা ফাইনেলত পূৰ্বৰ চেম্পিয়ন বাড ক্ৰিকেট ক্লাবে তেজপুৰৰ দলটোৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব বুলি জনাইছে আয়োজক ২২ য়াৰ্ডছ গ্ল’ৰীৰ সভাপতি বিশ্বজিৎ ডেকা আৰু সম্পাদক ভাস্কৰ জ্যোতি বৰ্মনে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments