Friday, September 30, 2022
HomeNewsএ চি এৰ মহিলাৰ টি-২০ চেলেঞ্জাৰছ ট্ৰফীঃধনশিৰি,কপিলীৰ জয়লাভ

এ চি এৰ মহিলাৰ টি-২০ চেলেঞ্জাৰছ ট্ৰফীঃধনশিৰি,কপিলীৰ জয়লাভ

অলিম্পিয়া প্ৰতিবেদন

ধনশিৰি ডেছাৰ্ছে প্ৰথম এ চি এ মহিলাৰ টি-২০ চেলেঞ্জাৰছ ক্ৰিকেটৰ শুক্ৰবাৰৰ মেচত জয়লাভ কৰিছে । আমিনগাঁও‍ ষ্টেডিয়ামত দলটোৱে দিখৌ ট্ৰাইগ্ৰেছৰ বিৰুদ্ধে ২ ৰাণত বিজয়ী হয় । ধনশিৰিয়ে ১৪ অভাৰত ৫ উইকেটত সংগ্ৰহ কৰে ৮২ ৰাণ । দলৰ দেৱশ্ৰী কোৱঁৰ আৰু জিন্তিমণি কলিতা উভয়ে ২৪ ৰাণকৈ সংগ্ৰহ কৰে । ইয়াৰ বিপৰীতে দিখৌ দলে ১৪ অভাৰত ৬ উইকেটত কৰে ৮০ ৰাণ । দলৰ মাইনি পায়েঙে ১৫ আৰু শান্তি ৰায়ে ১৪ ৰাণ কৰে। দ্বিতীয় মেচত কপিলী প্ৰিঞ্চেছে ৩০ ৰাণত পৰাস্ত কৰে বৰাক কুইন্সক । কপিলীয়ে ২০ অভাৰত ৫ উইকেটত কৰে ১১২ ৰাণ । দলৰ কৰবী ভক্তাই ৪১ আৰু জ্যোতি দেৱীয়ে ২৪ ৰাণ কৰে । প্ৰত্যুত্তৰত বৰাক দলে জ্যোতিকা ৰাইৰ ২০ ৰাণ সত্ত্বেও ১৮.২ অভাৰত ৮২ ৰাণতে ইনিংছ সামৰে। বিজয়ী দলৰ নীলাক্ষী বৰাই ৩ টা আৰু জেনেভি পাণ্ডুৱে ২ টা উইকেট দখল কৰে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments