Thursday, September 29, 2022
HomeNewsছেলছিৰ চেম্পিয়নছ লীগৰ খিতাপ আৰু এজন ভাৰতীয়

ছেলছিৰ চেম্পিয়নছ লীগৰ খিতাপ আৰু এজন ভাৰতীয়

অলিম্পিয়া প্রতিবেদন

মানচেষ্টাৰ চিটিক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে চেম্পিয়নছ লীগ জয় কৰিছে ছেলছিয়ে ।কাই হাৰ্ভাটজৰ একমাত্ৰ গলৰ জৰিয়তে এই ইউৰোপ শ্ৰেষ্ঠ ট্ৰফী জয় কৰিছে থমাছ টুখলেৰ দলে৷ ছেলছিৰ এই জয়ৰ নেপথ্যত কিন্তু এজন ভাৰতীয়ৰো অৱদান আছে৷ তেওঁ কেৰেলাৰ বিনয় মেনন৷ তেওঁ ছেলছিৰ ৱেলনেছ কনছালটেণ্ট আৰু মাইণ্ড ষ্ট্ৰেটেজিষ্ট পদত কৰ্মৰত তেওঁ। অৰ্থা্ৎ ফুটবলাৰ সকলৰ মানসিকভাবে শক্তিশালী কৰাই হৈছে এওঁৰ কাম৷ ‘‘ক্ৰীড়া মনস্তত্ব (স্পেটছ ছাইক’লজি’’ ) বিষয়ত এমফিল কৰাৰ পিছত বৃত্তিৰ সন্ধানত প্ৰথমে কোচিৰ পৰা ঋষীকেশলৈ যোৱা বিনয়ে ইয়াৰ পিছত ডুবাই আৰু পৰবৰ্ত্তী সময়ত ইংলেণ্ডলৈ যায়৷ ছেলছিৰ স্বত্বাধিকাৰী ৰোমান আব্ৰামোচিৰ ব্যক্তিগত স্বাস্থ্য পৰামৰ্শদাতা হিচাপে কাম কৰাৰ পিছত তেওঁক ছেলছিত মকবল কৰা হয়৷

ফুটবলৰ সৈতে ইয়াৰ পূৰ্বে কোনো সম্পৰ্ক নাছিল মেননৰ৷ সৰুতে জুডো খেলিছিল৷ ৰাজ্যিক পয্যায়ত কেৰেলাক প্ৰতিনিধিত্বও কৰিছিল কেইবাবাৰো৷ পৰবৰ্ত্তী সময়ত যোগ ব্যায়াম আৰম্ভ কৰে তেওঁ৷ এই মেননৰ পৰামৰ্শতেই মানসিকভাবে শক্তিশালী হৈ উঠিছে এনগ’লো কান্তে, টিম ৱাৰ্ণাৰ কাই হাৰ্ভাটজহঁত । ৯ বছৰৰ পিছত চেম্পিয়নছ লীগৰ খিতাপ জয় কৰিলে ছেলছিয়ে৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments