Wednesday, October 5, 2022
HomeNewsমাইন্ড স্পৰ্টছ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয়ৰ সৌজন্যত অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত...

মাইন্ড স্পৰ্টছ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয়ৰ সৌজন্যত অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত ৯ম ৰক্তাভ দত্ত চৌধুৰী সোৱৰণী উত্তৰ পূৱ ভাৰত বিদ্যালয় দবা প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

অসম জাতীয় বিদ্যালয়ত মাইন্ড স্পৰ্টছ ফাউণ্ডেচন আৰু অসম জাতীয় বিদ্যালয়ৰ সৌজন্যত অনুষ্ঠিত ৯ম ৰক্তাভ দত্ত চৌধুৰী সোৱৰণী উত্তৰ পূৱ ভাৰত বিদ্যালয় দবা প্ৰতিযোগিতাৰ শুকুৰবাৰে দ্বিতীয় দিনা তৃতীয় ৰাউণ্ডৰ অন্তত তৃতীয় শ্ৰেণীৰ তলৰ পন শাখাত চেন্ট ফ্ৰান্সিচকো বিদ্যালয়ৰ কৃষ্ণাভ মৃন্ময় হাজৰিকা, চেমফৰ্ড ফিউচাৰিস্টিক বিদ্যালয়ৰ আৰোহন আৰু এক্সেল পাব্লিক স্কুলৰ অমেয়া গুপ্তাই সম্পূৰ্ণ ৩ পইন্টেৰে আগবাঢ়ি আছে । মুকলি শাখাত চাউথ পইন্ট বিদ্যালয়ৰ মায়ংক চক্ৰবৰ্তী, মাৰিয়া পাব্লিক স্কুলৰ নিহাদ ইছলাম হাজৰিকা আৰু তন্ময় ৰাজবংশী, সুদৰ্শন পাব্লিক বিদ্যালয়ৰ মৃন্ময় ৰাজখোৱা সৰলা বিৰলা জ্ঞানজ্যোতিৰ অশ্বিন শৰ্মা, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, বকুলনীৰ ধ্ৰুৱ ফুকন আৰু শ্ৰীমন্ত শঙ্কৰ একাডেমীৰ অশ্লেষা তালুকদাৰে সম্পূৰ্ণ ৩ পইন্ট অৰ্জন কৰি আগবাঢ়ি আছে। মহৰ্ষি বিদ্যামন্দিৰ, বৰসজাইৰ নলীনাক্ষ কাশ্যপ, কেন্দ্ৰীয় বিদ্যালয় নামৰূপৰ বিশাল বৰুৱা, ৰয়েল গ্লবেল স্কুলৰ প্ৰাণ গোবিন্দ পৰাশৰ কাশ্যপ আৰু ছেইন্ট মেৰী উচ্চতৰ বিদ্যালয়ৰ উন্মিলীতা পাঠকে ২.৫ পইন্টেৰে দ্বিতীয় স্থান দখল কৰি আছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments