Tuesday, October 4, 2022
HomeNewsনৱম ৰক্তাভ দত্ত চৌধুৰী সোঁৱৰণী উত্তৰ-পূৱ ভাৰত বিদ্যালয় দবাত মায়ংক চক্ৰৱৰ্তী আৰু...

নৱম ৰক্তাভ দত্ত চৌধুৰী সোঁৱৰণী উত্তৰ-পূৱ ভাৰত বিদ্যালয় দবাত মায়ংক চক্ৰৱৰ্তী আৰু পণ শাখাত কৃষ্ণাভ মৃন্ময় হাজৰিকাৰ খিতাপ অর্জন

অলিম্পিয়া প্ৰতিবেদন

মাইণ্ড স্প’ৰ্টছ ফাউণ্ডেচন আৰু অসম জাতীয় বিদ্যালয়ৰ সৌজন্যত অসম জাতীয় বিদ্যালয়ত
অনুষ্ঠিত নৱম ৰক্তাভ দত্ত চৌধুৰী সোঁৱৰণী উত্তৰ-পূৱ ভাৰত বিদ্যালয় দবা প্রতিযােগিতাৰ দেওবাৰে সামৰণি পৰে । বঁটা বিতৰণী
অনুষ্ঠানত প্রয়াত ৰক্তাভ দত্ত চৌধুৰী আৰু মাইণ্ড স্প’ৰ্টছ ফাউণ্ডেচনৰ কোষাধ্যক্ষ প্রয়াত হৃদয়ানন্দ শর্মাৰ প্রতিচ্ছবিৰ
সন্মুখত বন্তি প্রজ্বলন কৰে অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধি আৰু শৈক্ষিক বিষয়া নৰেন্দ্র মােহন গােস্বামীয়ে । এই কাৰ্যসূচীত সহযােগ আগবঢ়ায় অসম জাতীয় বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্রী যুথিকা
পাটোৱাৰীয়ে । দবা প্রতিযােগিতাৰ অন্তিম ৰাউণ্ডৰ অন্তত তৃতীয়
শ্ৰেণীৰ তলৰ পণ শাখাত প্রথম স্থান লাভ কৰে চেন্ট ফ্রান্সিচকো বিদ্যালয়ৰ কৃষ্ণাভ মৃন্ময় হাজৰিকাই, দ্বিতীয় স্থান লাভ
কৰে ডনবস্কো স্কুলৰ ৰজত বাফনাই । তৃতীয় স্থান লাভ কৰে অসম জাতীয় বিদ্যালয়ৰ এমিল বৰগােহাঁই, চতুর্থ স্থান লাভ কৰে চেমফোর্ড ফিউচাৰেষ্টিক স্কুলৰ আৰােহনে, পঞ্চম স্থান লাভ কৰে ৰয়েল গ্ল’বেল স্কুলৰ ভিৰাজ চেৰাউগীয়ে । মুকলি শাখাত ছাউথ পইণ্ট বিদ্যালয়ৰ মায়ংক চক্ৰৱৰ্তীয়ে চেম্পিয়নৰ খিতাপ অর্জন কৰে, দ্বিতীয় স্থান লাভ কৰে সৰলা-বিৰলা
জ্ঞানজ্যোতিৰ অশ্বিন শর্মা, তৃতীয় স্থান লাভ কৰে অসম জাতীয় বিদ্যালয়ৰ অনুব্রত বৰঠাকুৰ, চতুর্থ স্থান লাভ কৰে সুদর্শন পাব্লিক স্কুলৰ মৃন্ময় ৰাজখােৱাই, পঞ্চম স্থান লাভ কৰে ৰয়েল গ্লবেল স্কুলৰ প্রাণ গােবিন্দ পৰাশৰ কাশ্যপে ।
চেম্পিয়নৰ ট্ৰফী লাভ কৰা মায়ংক চক্ৰৱৰ্তীক জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাসৰ পৰা ১০ হেজাৰ
টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয় । শ্রেষ্ঠ বিদ্যালয়ৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰে অসম জাতীয় বিদ্যালয়, নুনমাটি আৰু শ্রেষ্ঠ
বিদ্যালয়ৰ প্ৰথম পুৰস্কাৰ লাভ কৰে মাৰিয়াজ পাব্লিক স্কুলে । প্রতিযােগিতাখনৰ সর্বকনিষ্ঠ খেলুৱৈ হিচাপে পুৰস্কাৰ লাভ
কৰে এছ এফ এছ স্কুলৰ প্ৰাচুৰ্য্য চাংমায়ে । বঁটা বিতৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি প্রতি বছৰৰ
এইবাৰাে এগৰাকী জ্যেষ্ঠ ক্রীড়া সাংবাদিকক সম্বর্ধনা জনােৱা হয় । এইবাৰ ‘ছেণ্টিনেল’ কাকতৰ জ্যেষ্ঠ ক্রীড়া সাংবাদিক পার্থ চক্ৰৱৰ্তীক এখন মানপত্র, ফুলাম গামােছা আৰু নগদ ১০ হেজাৰ টকাৰে সম্বর্ধনা জনােৱা হয় । বঁটা
বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী ক্রীড়া সন্থাৰ সভাপতি পুলক গােস্বামী, ড° ভূপেন্দ্র
নাথ শৰ্মা, বিশিষ্ট সাংস্কৃতিক কর্মী ৰঞ্জন ভট্টাচার্য্য, অসম জাতীয় বিদ্যালয়ৰ সচিব ডানাৰায়ণ শর্মা, অধ্যক্ষ ঘনশ্যাম মেধি, সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰীয়ে বিজয়ী প্রতিযােগীসকলক পুৰস্কাৰসমূহ প্রদান কৰে । সামৰণি অনুষ্ঠানৰ
আঁত ধৰে অসম জাতীয় বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক অসীম কৃষ্ণ বৰুৱাই । বাতৰিটো প্ৰেৰণ কৰিছে
মাইণ্ড স্প’ৰ্টছ ফাউণ্ডেচনৰ সম্পাদক নয়ন কুমাৰ দত্তই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments