Wednesday, October 5, 2022
HomeNewsগুৱাহাটীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মুকলি দবা গ্ৰাণ্ড মাষ্টাৰ্ছ প্ৰতিযোগিতাত এগৰাকী অন্ধ যুজাৰু

গুৱাহাটীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মুকলি দবা গ্ৰাণ্ড মাষ্টাৰ্ছ প্ৰতিযোগিতাত এগৰাকী অন্ধ যুজাৰু

অলিম্পিয়া প্ৰতিবেদন

শাৰিৰীক অক্ষমতাই বাধা দিব নোৱাৰা এজন ব্যক্তি । তীব্ৰ উদ্যমেৰে যুঁজ দিছে সমৰস্থলীত । তেওঁৰ সন্মুখৰ প্ৰতিদ্বন্দ্বী হিচাপে আছে সকলো দিশৰ পৰা সক্ৰিয় এজন প্ৰতিযোগী । পেচাত দুয়োজন দবা খেলুৱৈ । দুয়োজনৰ মাজত পাৰ্থক্য মাথোঁ এটাই – এজনৰ দৃষ্টি আৰু মগজু দুয়োটাই নিবন্ধ দবাৰ গুটিত আৰু আনজনে শূন্য দৃষ্টিৰে প্ৰকাশ কৰিছে মগজুৰ প্ৰতিক্ৰিয়া ।
গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মুকলি দবা গ্ৰাণ্ড মাষ্টাৰ্ছ প্ৰতিযোগিতাত দেখিবলৈ পোৱা গ’ল এক বিৰল দৃশ্য । দৃষ্টিহীনতাক আওকাণ কৰি আঙুলিৰে খুপি খুপি আগবঢ়াই গৈছে প্ৰতিটো গুটি । গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত মুকলি দবা প্ৰতিযোগিতাৰ দ্বিতীয় দিনা টেবুল নম্বৰ ৮৬ ত দেখা পোৱা গ’ল এই দৃশ্য । খেলুৱৈজনৰ নাম ৰামপ্ৰসাদ চক্ৰৱতী । মেঘালয়ৰ এই খেলুৱৈজনে ইতিমধ্যে যোৱা ২৫ বছৰে দবা খেলি আহিছে বিভিন্ন স্থানত । লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিদ্বন্দ্বিতা কৰিছে ২০১৮ বৰ্ষৰ পৰা ।
উক্ত প্ৰতিযোগিতাত ৰামপ্ৰসাদৰ বিপৰীত মেৰুত থাকে মেঘালয়ৰে অন্য এজন দবাৰু অমৃত ছৰফ । এই যুঁজখনত অমৃত জয়ী হলেও তেওঁ ভূয়সী প্ৰশংসাৰে উপচাই পেলায় ৰামপ্ৰসাদক । তেওঁৰ এনে প্ৰশংসনীয় মন্তব্যই পুনৰ প্ৰমাণ কৰে ক্ৰীড়াত যে কোনো ভেদভাৱ নাই । শৰীৰৰ প্ৰতিবন্ধকতা হেঙাৰ হ’ব নোৱাৰে ।

উল্লেখযোগ্য যে, ৰামপ্ৰসাদৰ বয়স আগুৱাই গৈছে যদিও বয়সে তেওঁক আশাহত কৰিব পৰা নাই । তেওঁৰ আশা দূৰ সীমনাত । দবাৰ জৰিয়তে নিজকে উচ্চ পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ সপোন এতিয়াও পুহি ৰাখিছে তেওঁ ।

মনত অফুৰন্ত আশা পুহি ৰখা এইজন দবাৰুৰ প্ৰতিপলে কাষত থাকে তেওঁৰ জ্যেষ্ঠ ভাতৃ গৌতম চক্ৰৱৰ্তী । পেচাত তেওঁও এজন ৰাজ্যিকৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দবাৰু হ’লেও যোৱা মঙ্গলবাৰে তেওঁক দেখা গ’ল ভাতৃ ৰামপ্ৰসাদ চক্ৰৱতীৰ লগত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments