Tuesday, October 4, 2022
HomeNewsসদৌ অসম দবা সন্থাৰ নতুন কমিটি গঠন ,ৰজীৱ ধৰ পুনৰ সম্পাদক

সদৌ অসম দবা সন্থাৰ নতুন কমিটি গঠন ,ৰজীৱ ধৰ পুনৰ সম্পাদক

অলিম্পিয়া প্ৰতিবেদন

সদৌ অসম দবা সন্থাৰ পৰবৰ্তী তিনি বছৰীয়া কাৰ্যকালৰ বাবে ৰজীৱ ধৰ পুনৰ সাধাৰণ সম্পাদকৰূপে বিনা প্ৰতিদ্বন্দিতাই নিৰ্বাচিত হৈছে । মালিগাঁৱৰ হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত যোৱা ১৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত সদৌ অসম দবা সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত নতুন কমিটিখন গঠন কৰা হয় । দৰঙৰ কন্দৰ্প কলিতাক সভাপতি কামৰূপৰ ৰাজীৱ ধৰক সাধাৰণ সম্পাদক আৰু দৰঙৰ মাধৱ শৰ্মাক কোষাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয় । সন্থাৰ নতুন কাৰ্যকৰী কমিটিখনত আছে যুটীয়া সম্পাদক গুৱাহাটীৰ প্ৰণৱ কুমাৰ নাথ, লখিমপুৰৰ জিতুমণি নেওগ, যোৰহাটৰ ত্ৰৈল্যুক্য নন্দা; মাণ্ডলীক সম্পাদক (সকল) পশ্চিম কাৰ্বি আংলঙৰ প্ৰদীপ তেৰাং, শোণিতপুৰৰ জ্যোতিৰ্ময় বৰা, গোলাঘাটৰ পল্লব গোহাঞি, মৰিগাঁৱৰ প্ৰদীপ চন্দ্ৰ ডেকা, হাইলাকান্দিৰ অতুল সিনহা; কাৰ্যনিৰ্বাহক সদস্যসকল গোলাঘাটৰ ডেইৰী উপাধ্যায়, কামৰূপৰ আব্দুল মতলেব, বৰপেটাৰ পৰান্তপ সুত্ৰধৰ চৌধুৰী, ডিব্ৰুগড়ৰ মানিক গগৈ, হোজাইৰ জাকিৰ হুছেইন , নগাঁৱৰ লক্ষ্যজ্যোতি শইকীয়া, হাইলাকান্দিৰ মানৱ জ্যোতি দেৱ আৰু হোজাইৰ সঞ্জয় দাস ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 − 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments