Tuesday, October 4, 2022
HomeNewsৰাষ্ট্ৰীয় দবালৈ অসম দল ঘোষণা,দলটোক স্পনছৰ কৰিছে সুশান্ত বিশ্ব শৰ্মাই

ৰাষ্ট্ৰীয় দবালৈ অসম দল ঘোষণা,দলটোক স্পনছৰ কৰিছে সুশান্ত বিশ্ব শৰ্মাই

অলিম্পিয়া প্ৰতিবেদন

২৫ ফেব্ৰুৱাৰীৰ পৰা উত্তৰ প্ৰদেশৰ কানপুৰত হ’ব লগা এম পি এল ৫৮ তম ৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাৰ বাবে অসম দলটো ঘোষণা কৰা হৈছে । সদৌ অসম দবা সন্থাই ঘোষণা কৰা অনুসৰি অসমক প্ৰতিনিধিত্ব কৰিব ক্ৰমে গুৱাহাটীৰ ইণ্টাৰনেচনেল মাষ্টাৰ চাহিল দে, শিৱসাগৰৰ শান্তনু বৰপাত্ৰগোহাঁই, যোৰহাটৰ ৰাকেশ চক্ৰৱৰ্তী , তিনিচুকীয়াৰ ইমতিয়াজ ইছলাম বৰা আৰু কাছাৰৰ ৰাহুল চোৰাম সিং । দলটোৰ সকলো বিত্তীয় খৰচ বহন কৰিছে দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই । সদৌ অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতা আৰু সম্পাদক ৰাজীৱ ধৰে সুশান্ত বিশ্ব শৰ্মাক এই বিত্তীয় সহায় আগবঢ়োৱাৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু লগতে দলৰ সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰিছে । দলটো গুৱাহাটীৰ পৰা ৰাওনা হ’ব অহা ২৩ ফেব্ৰুৱাৰীত ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments