Monday, October 3, 2022
HomeNewsভাৰতীয় ক্ৰীড়া জগতত বিস্ময় বালকৰ চমক: ক্ৰিকেটৰ ভগৱানেও কৰিলে শুভেচ্ছামূলক টুইট

ভাৰতীয় ক্ৰীড়া জগতত বিস্ময় বালকৰ চমক: ক্ৰিকেটৰ ভগৱানেও কৰিলে শুভেচ্ছামূলক টুইট

অলিম্পিয়া প্ৰতিবেদন

ভাৰতীয় ক্ৰীড়া জগতত চমক সৃষ্টি কৰিছে এগৰাকী বিস্ময় বালকে । নাম তেওঁৰ ৰমেশ বাবু প্ৰজ্ঞানন্দ । দবা খেলত ৫ বাৰৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লছনক এয়াৰথিংক্স মাষ্টাৰ্ছৰ অষ্টম ৰাউণ্ডত হৰুৱাই বৰ্তমান সময়ত চমক সৃষ্টি কৰিছে মাত্ৰ ১২ বছৰীয়া বিস্ময় বালক তথা চেন্নাইৰ দবা গ্ৰেণ্ড মাষ্টাৰ ৰমেশ বাবুৱে । দবা জগতত এনে অঘটন এয়ে প্ৰথম । বালকজনক লৈ এতিয়া সৰ্বতে চৰ্চা চলিছে । দবা খেলৰ ৫ বাৰৰ বিশ্ব চেম্পিয়ন তথা ভাৰতৰ আগশাৰীৰ দবাৰু বিশ্বনাথন আনন্দকে ধৰি ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰেও টুইট যোগে ৰমেশ বাবুক দিছে শুভ বাৰ্তা । বিশ্বনাথন আনন্দে টুইটত লিখিছে, “আমাৰ প্ৰতিভাবান খেলুৱৈজনক লৈ আমি অতিকৈ গৰ্বিত । ৰমেশ বাবুৰ বাবে এয়া অত্যন্ত ভাল দিন ।” আনহাতে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰেও উল্লেখ কৰিছে, “প্ৰজ্ঞাৰ ক্ষেত্ৰত মোৰ অনুভূতি অসাধাৰণ । ১৬ বছৰ অভিজ্ঞ মেগনাছ কাৰ্লছনক তেওঁ হৰুৱাই দিছে ! এয়া সঁচাকৈয়ে এক যাদুকৰী মূহুৰ্ত ।” উল্লেখযোগ্য যে অনলাইনযোগে অনুষ্ঠিত এই প্ৰতিযোগিতাখনত ৰমেশ বাবুৰ আৰম্ভণি একেবাৰে সন্তোষজনক নাছিল । প্ৰতিযোগিতাৰ প্ৰথম তিনিখন মেচতেই তেওঁ পৰাস্ত হৈছিল যদিও কাৰ্লছনক সমুখত দেখি যেন ৰমেশ বাবুয়ে পাইছিল এক ঐশ্বৰিক শক্তি । যাৰ পৰিণতিত তেওঁ অষ্টম ৰাউণ্ডত কাৰ্লছনক হৰুৱাই দেশবাসীৰ দৃষ্টিত চমক লগাবলৈ সক্ষম হয় ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments