Tuesday, October 4, 2022
HomeNewsবৃহস্পতিবাৰৰ পৰা নৱম ৰক্তাভ দত্ত চৌধুৰী সোঁৱৰণী উত্তৰ-পূৱ ভাৰত বিদ্যালয় দবা প্ৰতিযোগিতা

বৃহস্পতিবাৰৰ পৰা নৱম ৰক্তাভ দত্ত চৌধুৰী সোঁৱৰণী উত্তৰ-পূৱ ভাৰত বিদ্যালয় দবা প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

মাইন্ড স্প’ৰ্টছ ফাউণ্ডেচন আৰু অসম জাতীয় বিদ্যালয়ৰ উদ্যোগত ৯ম ৰক্তাভ দত্ত চৌধুৰী সোঁৱৰণী উত্তৰ-পূৱ ভাৰত বিদ্যালয় দবা প্ৰতিযোগিতাখন ২৪ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ অসম জাতীয় বিদ্যালয়, নুনমাটি, গুৱাহাটীত অনুষ্ঠিত হ’ব । উত্তৰ পূৱ ভাৰতৰ প্ৰায় ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উক্ত দবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক খেলুৱৈসকলক ২৩ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ ভিতৰত ৰেজিষ্ট্ৰেছন কৰিবলৈ অনুৰোধ কৰা হৈছে । প্ৰতিযোগিতাখন তৃতীয় শ্ৰেণীলৈকে পন গ্ৰুপৰ বাবে পৃথককৈ আৰু ৪ৰ্থ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে কিং/কুইন/নাইট তিনিটা গ্ৰুপৰ খেলুৱৈসকলক একেলগ কৰি মুকলি শাখা হিচাপে গণ্য কৰি আন এটা ভাগত খেলসমুহ অনুষ্ঠিত কৰা হ’ব । মুকলি শাখাত প্ৰথমস্থানৰ পৰা ১০ম স্থানলৈ ক্ৰমে ১০০০০/- ৭৫০০/- ৫০০০ /-৩৫০০/- ২৫০০/- ২০০০/-১৫০০/- ১০০০/- ১০০০/- ১০০০/- টকাকৈ আৰু ট্ৰফী প্ৰদান কৰা হ’ব । লগতে ১১ – ২০ তম স্থানপ্ৰাপ্ত সকলক ট্ৰফী প্ৰদান কৰা হ’ব । তদুপৰি ৪টা গ্ৰুপৰ প্ৰতিটো গ্ৰুপৰ প্ৰথম ৫ গৰাকী ছাত্ৰ আৰু ৩ গৰাকীকৈ ছাত্ৰীৰ বাবে আছুতীয়াকৈ ট্ৰফী প্ৰদান কৰা হ’ব । লগতে দুখন শ্ৰেষ্ঠ বিদ্যালয়লৈও বঁটা প্ৰদান কৰা হ’ব । সৰ্বমুঠ ৫৫ টা পুৰষ্কাৰ সম্বলিত এই প্ৰতিযোগিতাখন উত্তৰ পূৱ ভাৰতৰ বিদ্যালয়সমূহৰ মাজত এখন আকৰ্ষণীয় প্ৰতিযোগিতা হিচাপে স্বীকৃতি লভিবলৈ সক্ষম হৈছে । এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি ২৭ মাৰ্চৰ বিয়লি ৩-০০ বজাত অনুষ্ঠিত হ’ব লগা বঁটা বিতৰণী অনুষ্ঠানত বিগত বৰ্ষসমুহৰ দৰে এইবছৰো এগৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকক মাইন্ড স্পৰ্টছ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ’ব। এইবছৰ চেন্টিনেল কাকতৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পাৰ্থ চক্ৰৱৰ্তীক নিৰ্বাচিত কৰা হৈছে । উক্ত বঁটা বিতৰণী সভাতে তেওঁক এখন প্ৰশস্তি পত্ৰ আৰু ১০,০০০ টকাৰ নগদ পুৰস্কাৰেৰে সম্বৰ্ধনা জনোৱা হ’ব ।
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক খেলুৱৈসকলে ৯৮৬৪৯১১৯৩৬ / ৮০১১৭২৭২০০ নম্বৰত যোগাযোগ কৰিব পাৰে ।
মাইন্ড স্পৰ্টছ ফাউণ্ডেচনৰ সম্পাদক নয়ন কুমাৰ দত্তই । ফোন নম্বৰ :
৯৪৩৫৪০০২০৭

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments