Wednesday, July 6, 2022
HomeNewsবঙাইগাঁও জিলা দবা সন্থা গঠন

বঙাইগাঁও জিলা দবা সন্থা গঠন

অলিম্পিয়া প্ৰতিবেদন

বঙাইগাঁও জিলাত দবা খেলক অধিক জনপ্ৰিয় কৰি তোলাৰ লক্ষ্য আগত ৰাখি জিলাখনৰ একাংশ ক্ৰীড়ানুৰাগী তথা সচেতন ব্যক্তিয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।এই বিষয়ে বিস্তৃত ভাবে আলোচনা কৰাৰ বাবে দেওবাৰে জিলাখনৰ জাহ্নৱী হোটেলত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

ডেনিয়েল দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত সকলোৰে মতামত আৰু সৰ্বসন্মতিক্ৰমে বঙাইগাঁও জিলা দবা সন্থা গঠন কৰা হয়। নৱগঠিত বঙাইগাঁও জিলা দবা সন্থাৰ ১৫ জনীয়া সমিতিখনত ডেনিয়েল দাসক সভাপতি , প্ৰবীন বৈশ্য , শংকৰ বিশ্বাসক উপ সভাপতি , উপানন্দ শৰ্মাক সাধাৰণ সম্পাদক , মনোৰম বণিক্য , দেৱব্ৰত দাস , প্ৰদীপ ঘোষক যুটীয়া সম্পাদক , ডাঃ বিশ্বজিত সিংহক কোষাধ্যক্ষ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ৷

সভাখনত ৰাজ্যিক দবা সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ ধৰ , কামৰূপ জিলাৰ উপ সভাপতি অৰিন্দম বৰুৱা পৰ্যাবেক্ষক হিচাপে উপস্থিত থাকে ৷ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে মনোনীত হোৱা উপানন্দ শৰ্মাই জিলাখনত নতুন প্ৰজন্মক দবা খেলৰ প্ৰতি আকৃষ্ট কৰা আৰু প্ৰতিভা বিকাশৰ সুবিধা দিয়াৰ বাবে সন্থাৰ জৰিয়তে প্ৰচেষ্টা চলোৱা হ’ব বুলি জানিবলৈ দিয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + 13 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments