Tuesday, October 4, 2022
HomeNewsপঞ্চম গুৱাহাটী অপেন অনলাইন আন্তঃৰাষ্ট্ৰীয় দবা

পঞ্চম গুৱাহাটী অপেন অনলাইন আন্তঃৰাষ্ট্ৰীয় দবা

অলিম্পিয়া প্ৰতিবেদন

অসম দবা ক্লাবে অহা ২৫-২৭ ডিচেম্বৰত গুৱাহাটীত আয়োজন কৰিছে পঞ্চম গুৱাহাটী ইণ্ডিয়া অপেন অনলাইন আন্তঃৰাষ্ট্ৰীয় দবা টুৰ্ণামেন্ট । কিংবদন্তী ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে । প্ৰতি বছৰে ভাৰতত আয়োজন কৰা এইখনেই হ’ল অন্যতম বৃহৎ দবা প্ৰতিযোগিতা । সমগ্ৰ বিশ্বৰ প্ৰায় ১৫০০ অংশগ্ৰহণকাৰীয়ে উত্তৰ-পুবৰ এই বৃহৎতম প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । অসম দবা ক্লাবে প্ৰতিবছৰে আয়োজন কৰা এই প্ৰতিযোগিতা কভিড মহামাৰীৰ বাবে অনলাইন আৰু অফলাইন দুয়োধৰণে
আয়োজন কৰিছে । গুৱাহাটী বৰ্ষাপাৰাৰ ছাউথ পইণ্ট স্কুলত প্ৰতিযোগিতা উদ্ধোধন কৰা হ’ব আৰু ইয়াতেই সীমিত সংখ্যক অংশগ্ৰহণকাৰীয়ে অফলাইন টুৰ্ণামেন্টত ভাগ লব । অনলাইন প্ৰতিযোগিতাৰ মুঠ শাখা থাকিব ৫ টা । কেটেগৰী ‘এ’ ত গ্ৰেণ্ডমাষ্টাৰ অপেন,
কেটেগৰী ‘বি’ ত ২০০০ ৰেটিং অনূদ্ধ, কেটেগৰী ‘চি’ ১৬০০ ৰেটিং অনূদ্ধ, কেটেগৰী ‘ডি’ত অপেন বুলেট, কেটেগৰী ‘ই’ত ৰেপিড প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । বিশ্বৰ সকলো খেলুৱৈৰ বাবে এই প্ৰতিযোগিতা মুকলি থাকিব । এই প্ৰতিযোগিতাত চে’ছ ড’ট কম নামৰ জনপ্ৰিয় দবা ছাৰ্ভাৰৰ যোগেদি সমগ্ৰ বিশ্বতে সম্প্ৰচাৰ কৰা হ’ব । ইয়াত মুখ্য আৰ্বিটাৰ ৰূপে আছে অসমৰ প্ৰথম তথা একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ বিশ্বজিৎ ভাৰদ্বাজ । সহ আৰ্বিটাৰ ৰূপে থাকিব স্বৰাজ বুঢ়াগোঁহাই, ৰবিকান্ত তিৱাৰী, লক্ষ্য জ্যোতি শইকীয়া আৰু আদিত্য গগৈ । খেলুৱৈয়ে পঞ্জীয়নৰ বাবে আছাম চে’ছ ক্লাব ড’ট কম যোগে বা ৯৮৬৪৪৪৩০৫১ নম্বৰত যোগাযোগ কৰিব পাৰিব । এই কথা জনাইছে অসম দবা ক্লাবৰ সভাপতি মৃদুল কুমাৰ মহন্ত আৰু সম্পাদক নন্দন বুঢ়াগোঁহায়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 + fifteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments