অলিম্পিয়া প্ৰতিবেদন
ডিব্ৰুগড়ৰ স্পৰ্টছ এণ্ড কোচিং হেলথ ডেভেলপমেণ্ট চেণ্টাৰৰ উদ্যোগত বানীপুৰ ক্ৰীড়া আৰু খেলপথাৰ উন্নয়ন সমিতি আৰু ৰামধেনু আৰ্টছ এণ্ড ক্ৰাফ্ট একাডেমীৰ সহযোগত ১৪ নৱেম্বৰত উলহ মালহেৰে শিশু দিৱস পালন কৰা হয়। ডিব্ৰুগড়ৰ এগৰাকী বিশিষ্ট চিকিৎসক ডঃ অমৃত কুমাৰ বৰুৱাই অংশ লোৱা অনুষ্ঠানটোত শিশুসকলৰ স্বাস্থ্য যতনৰ ওপৰত আলোকপাত কৰি তেওঁ বিনামূলীয়া তেজৰ পৰীক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

অনুষ্ঠানটোত মুখ্য অতিথি হিচাবে উপস্থিত থাকে লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা। বিধায়কগৰাকীয়ে বানীপুৰ ৰাজহুৱা খেলপথাৰৰ উন্নয়ন কৰিব বুলি আশ্বাস প্ৰদান কৰে।
অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাত অংশ লয় প্ৰায় দুশৰো অধিক শিশুই। প্ৰতিযোগিতাখন পৰিচালনা কৰে ভাস্কৰ জ্যোতি ভূঞাই।
অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট লোক উপস্থিত থকা অনুষ্ঠানটো সুকলমে অনুষ্ঠিত কৰাত আগভাগ লয় ডিব্ৰুগড় জিলাৰ এখেলেটিক সন্থাৰ সম্পাদক বিপুল চেতিয়া, বিজয় ভূঞা, হৰি দত্ত,গণেশ গগৈ, অংকিত মহন্ত,ৰমেশ বৰুৱা, দিগন্ত নেওগ, বিপ্লৱ ভূঞা, মৃদুলা গগৈ, গায়ত্ৰী গগৈ,বিজুমণি চেতিয়া, আদিয়ে।