Monday, October 3, 2022
HomeNewsক'ৰনা ভাইৰাছৰ আতংকৰ মাজতে চীনে মুকলি কৰিলে এছিয়ান গেমছৰ শুভংকৰ

ক’ৰনা ভাইৰাছৰ আতংকৰ মাজতে চীনে মুকলি কৰিলে এছিয়ান গেমছৰ শুভংকৰ

olympiasports.in

চীনৰ উহান প্ৰদেশৰ পৰাই সংক্ৰমণ ঘটিছিল মহামাৰী Covid 19 বা ক’ৰনা ভাইৰাছ। চীনৰ পৰা সমগ্ৰ বিশ্বলৈ এই ভাইৰাছ সংক্ৰমিত হৈ আতংকৰ সৃষ্টি কৰিছে। এই ভাইৰাছত সংক্ৰমিত হৈছে বিশ্বৰ কেইবালাখো ব্যক্তি। মৃত্যু হৈছে ৬০,০০০ ৰো অধিক ব্যক্তি। চীনত উৎপত্তি হোৱা এই ভাইৰাছে অৱশ্যে এতিয়া ইউৰোপতহে অধিক কাল ৰূপ ধাৰণ কৰিছে। মৃত্যু উপত্যকালৈ পৰিণত কৰিছে ইউৰোপৰ ইটালী, স্পেইন আদি দেশক। যাৰ বাবে লকডাউনৰ কবলত আছে ইউৰোপৰ লগতে এছিয়াৰো বহু কেইখন ৰাষ্ট্ৰ।

ক’ৰনা ভাইৰাছৰ বাবেই এতিয়া স্তব্ধ পৃথিৱীৰ জনজীৱন। এবছৰলৈ পিছুৱাই দিয়া হ’ল ২০২০ৰ টকিঅ’ গ্ৰীষ্মকালীন অলিম্পিক। এনে সময়তে আকৌ চীনত মুকলি কৰা হ’ল ২০২২ এছিয়ান গেমছৰ শুভংকৰ।

লগতে পঢ়ক : মেৰী কমৰ বিষয়ে নজনা ১০ টা বিশেষ কথা : লগতে আছে আপুনি নেদেখা মেৰী কমৰ বহু কেইখন ফটো
https://olympiasports.in/10-unknown-facts-about-mary-kom/

২০২২ চনৰ ১০ ছেপ্টেম্বৰৰ পৰা চীনৰ হাংঝুত অনুষ্ঠিত হ’ব ১৯ সংখ্যক এছিয়ান গেমছ। প্ৰতিযোগিতাখনক কেন্দ্ৰ কৰি চীনে তৈয়াৰ কৰি উলিয়াইছে তিনিটা শুভংকৰ। তিনিটা ৰবটেৰে সৃষ্টি কৰা হৈছে এই শুভংকৰ। এই তিনি ৰবটে প্ৰতিনিধিত্ব কৰিব হাংঝুত থকা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰক। এই তিনিও ৰবটক একেলগে ‘স্মাৰ্ট ট্ৰিপলেট’ছ’ ৰূপে জনা যাব। আনহাতে এই তিনি ৰবটৰ শুভংকৰত প্ৰতিফলিত হৈছে হাংঝু মহানগৰী আৰু ঝেইজিয়াং প্ৰদেশৰ ইণ্টাৰনেট শক্তিক। এই তিনিটা শুভংকৰৰ নাম ৰখা হৈছে ক্ৰমে কংকং, লিয়াননলিয়ান আৰু চেনচেন।

ক’ৰনা ভাইৰাছৰ আতংকৰ মাজতে চীনত এইদৰে এছিয়ান গেমছৰ শুভংকৰ মুকলি কৰাক লৈ এতিয়া বিভিন্ন প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। অৱশ্যে চীনৰ জনজীৱনলৈ এতিয়া স্বাভাৱিক অৱস্থা ঘূৰি আহিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ক’ৰনা ভাইৰাছৰ আতংকৰ বাবেই আয়োজক সকলে ডিজিটেল মাধ্যমেৰে ২০ মিনিটজোৰা এক অনুষ্ঠানৰ জৰিয়তে এই শুভংকৰ তিনিটা মুকলি কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments