Tuesday, October 4, 2022
HomeNewsচীনত নিৰ্মাণ হ'ব বিশ্বৰ সৰ্ববৃহৎ ফুটবল ষ্টেডিয়াম

চীনত নিৰ্মাণ হ’ব বিশ্বৰ সৰ্ববৃহৎ ফুটবল ষ্টেডিয়াম

olympiasports.in

চীনত এতিয়া লাহে লাহে পৰিস্থিতি সলনি হৈছে। কৰ’না মহামাৰীৰ প্ৰকোপ দেশখনত লাহে লাহে কমি অহাত দেশখনলৈ ক্ৰমাৎ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে। দেশখনে লকডাউন লাহে লাহে শিথিল কৰি দিয়া সময়তে এটা ফুটবল ক্লাব আগবাঢ়ি আহিছে এতিয়া বিশ্বৰ সৰ্ববৃহৎ ফুটবল ষ্টেডিয়ামখন নিৰ্মাণ কৰিবলৈ। চীনৰ প্ৰখ্যাত ফুটবল ক্লাব Guangzhou Evergrandeয়েই নিৰ্মাণ কৰিবলৈ ওলাইছে এক লাখ দৰ্শকে একেলগে বহি খেল উপভোগ কৰিব পৰা এখন সুবিশাল ষ্টেডিয়াম।

পদুম ফুলৰ আকৃতিৰে নিৰ্মাণ হ’বলগীয়া ষ্টেডিয়ামখনৰ নিৰ্মান ব্যয় ১.৭ বিলিয়ন ডলাৰ ধাৰ্য কৰা হৈছে। বৃহস্পতি বাৰে নিৰ্মানকাৰ্য্য আৰম্ভ হোৱা ষ্টেডিয়ামখন সম্পূৰ্ণ হৈ উঠিব ২০২২ বৰ্ষৰ শেষৰফালে। বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন হৈছে বাৰ্চিলোনাস্থিত কেম্প নৌ ষ্টেডিয়াম খন, যিখন ষ্টেডিয়ামৰ আসনৰ সংখ্যা ৯৯,৩৫৪। উল্লেখযোগ্য যে নৱনির্মিত এই ষ্টেডিয়ামখনত থাকিব ১৬ টাকৈ ভি ভি আই পি প্ৰাইভেট ৰুম, ১৫২ টা ভি আই পি প্ৰাইভেট ৰুম, এক ফিফা এৰিয়া, এথলিট এৰিয়া, মিডিয়া এৰিয়া আৰু প্ৰেছ ৰুম। ইএছপিএনৰ খবৰ অনুসৰি ক্লাবটোৱে অনাগত সময়ত এইধৰণৰ আৰু ষ্টেডিয়াম নিৰ্মানৰ কাম হাতত ল’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments