Wednesday, October 5, 2022
HomeNewsমহামাৰী নিয়ন্ত্ৰণত বাধা দিয়াৰ বাবে বহিস্কাৰ কৰা হ'ল ৬ গৰাকী খেলুৱৈক

মহামাৰী নিয়ন্ত্ৰণত বাধা দিয়াৰ বাবে বহিস্কাৰ কৰা হ’ল ৬ গৰাকী খেলুৱৈক

সমগ্ৰ বিশ্বলৈ চীনৰ পৰাই সংক্ৰমণ ঘটিছিল কৰ’না ভাইৰাছৰ। সমগ্র বিশ্বত যিসময়ত কৰ’না ভাইৰাছে কালৰূপ ধাৰণ কৰিছিল সেই সময়তে আকৌ চীনৰ সমাজ জীৱনলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে। আৰম্ভ হৈছে বিভিন্ন ক্ৰীড়াৰ অনুশীলন। চীনত আৰম্ভ হোৱা এনে এক প্ৰশিক্ষণ শিবিৰতেই আকৌ এতিয়া এক অথন্তৰ ঘটিছে। নিলম্বন বহিস্কাৰ কৰিবলগীয়া হৈছে ৬ গৰাকীকৈ খেলুৱৈক।

খবৰ অনুসৰি চীনৰ ফুটবল এছ’চিয়েশ্বনে কৰ’না কাৰ্ফিউ ভংগ কৰাৰ বাবে অনূৰ্ধ্ব ১৯ পুৰুষ ফুটবল দলটোৰ ৬ খেলুৱৈক ৬ মাহৰ বাবে নিলম্বন কৰিছে। অভিযোগ অনুসৰি এই ৬ খেলুৱৈয়ে মাজৰাতি সুৰাপান কৰিবলৈ ওলাই গৈছিল।

চীনৰ চাংহাইত ১৭ মে’ৰ পৰা অনূৰ্ধ্ব ১৯ দলটোৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল আৰু এই শিবিৰ শনিবাৰে অন্ত পৰে। এই শিবিৰত দেশখনৰ মুঠ ৩৫ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল।

ঘটনা সম্পৰ্কত চীনৰ ফুটবল এছ’চিয়েশ্বনে কৈছে যে, এয়া দলটোৰ মহামাৰী নিয়ন্ত্ৰণ কৰাৰ চিধা-চিধি বিৰোধিতা আৰু ইয়াৰ ফলত সম্পূৰ্ণ দলটোৰ ওপৰত নকৰাত্মক প্ৰভাৱ পৰিব। নিলম্বন কৰা ৬ খেলুৱৈয়ে ৩০ নৱেম্বৰলৈকে কোনো ফুটবল মেচ খেলিব নোৱাৰিব। ইয়াৰ উপৰিও খেলুৱৈসকলৰ ওপৰত দলৰ মেনেজমেণ্টে নিজৰ ফালৰ পৰাও ঘটনা সম্পৰ্কত তদন্ত কৰিব।

আনহাতে অনূৰ্ধ্ব ১৯ দলটোৰ মুখ্য প্ৰশিক্ষক গৰাকীয়ে কৈছে, সকলো খেলুৱৈয়ে পৰিস্থিতিৰ গম্ভীৰতাক এতিয়া বুজি পাইছে। এই ঘটনাই দল আৰু খেলুৱৈৰ বাবেও বৃহৎ লোকচান। ইয়াৰ জৰিয়তে আমাৰ প্ৰস্তুতিত প্ৰভাৱ পৰিব।

মন কৰিবলগীয়া যে বৰ্তমানলৈকে চীনত কৰ’না ভাইৰাছত ৮৩ হাজাৰ লোক আক্ৰান্ত হোৱাৰ উপৰিও , মৃত্যু হৈছে ৪৬৩৪ গৰাকী লোক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

sixteen − eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments