বিশ্বৰ দ্ৰুত মানৱ হিচাপে পৰিচিত উচেইন ব’ল্ট। অলিম্পিকত ৮টা স্বৰ্ণপদক লাভ কৰা ব’ল্টে ৯.৫৯ চেকেণ্ডত ১০০ মিটাৰ দৌৰি যি ৰেকৰ্ড সৃষ্টি কৰিছিল সেই ৰেকৰ্ড আজিও ভংগ হোৱা নাই। কিন্তু এইগৰাকী উচেইন ব’ল্টৰ মতে তেওঁতকৈ দ্ৰুত বেগী এজন এথলিট আছে। ব’ল্টৰ মতে পৰ্তুগালৰ উইংগাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো তেওঁতকৈ বেগী।
২০১৭ চনত এথলেটিকছ ক্ষেত্ৰক বিদায় জনোৱা ব’ল্টৰ মতে ৰ’নাল্ডোৱে বহুত বেছি কষ্ট কৰে। তেওঁৰ লক্ষ্য স্থিৰ। তেওঁ সদায় নিজৰ খেলক ওপৰলৈ নিবলৈ চেষ্টা কৰে। সেইবাবে মই ভাবোঁ বৰ্তমান তেওঁ মোতকৈ অধিক বেগেৰে দৌৰিব পাৰে