Friday, September 30, 2022
HomeNewsকোৱাৰেন্টিনত ক্ৰিষ্টিয়ানো ৰ'নাল্ডো

কোৱাৰেন্টিনত ক্ৰিষ্টিয়ানো ৰ’নাল্ডো

অলিম্পিয়া বাৰ্তা

গৃহ চহৰ ম’ডেইৰাত দুমাহ কটোৱাৰ অন্তত তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো সোমবাৰে টুৰিনলৈ ওভতি আহে। টুৰিনত ফুটবলাৰজনে দুসপ্তাহ কোৱাৰেন্টিনত কটাব।

উল্লেখযোগ্য যে ইটালীৰ বিখ্যাত ফুটবল ক্লাব জুভেন্টাছৰ অনুশীলন শিবিৰ পুনৰ সোমবাৰৰ পৰা আৰম্ভ হোৱাৰ কথা। সেই উদ্দেশ্যে নিজ নিজ গৃহত আবদ্ধ হৈ থকা খেলুৱৈসকলক পুনৰ টুৰিনলৈ মাতি পঠিওৱা হৈছে। অনুশীলন শিবিৰ আৰম্ভ হোৱাৰ আগেয়ে সকলো খেলুৱৈকে ১৪ দিনৰ কোৱাৰেন্টিনত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

ইয়াৰ আগেয়ে ভয়াৱহ ক’ৰনাৰ সংক্ৰমণৰ ফলত জুভেন্টাছৰ বহুকেইগৰাকী খেলুৱৈৰ দেহলৈকো ৰোগবিধ বিয়পি পৰে। দলটোৰ এৰ’ন ৰামছে, ফেডেৰিক’ ৱাৰ্নাৰডছি, জোৱান কোৱাড্ৰেড’ কাৰ্ল পিনছ’লিঅ আদি খেলুৱৈসকল কৰ’নাত আক্ৰান্ত হয়।

অৱশ্যে অনুশীলন শিবিৰ আৰম্ভ হ’লেও ইটালীত শীঘ্ৰে ফুটবল টুৰ্ণামেণ্টসমূহ আৰম্ভ হোৱাৰ কোনো সম্ভাৱনা নাই। ইটালীৰ ক্ৰীড়া মন্ত্ৰী ভিনচেঞ্জ’ স্পাদাফ’ৰাই এই কথা স্পষ্ট কৰি দি কয় যে অনুশীলন শিবিৰসমূহো ১৮ মে’ৰ পিছৰ পৰাহে কাৰ্য্যকৰী কৰি তোলা হ’ব। অৱশ্যে ফুটবল টুৰ্ণামেণ্টসমূহ পুনৰ অনুষ্ঠিত কৰাৰ বাবে এই পৰ্যন্ত কোনো চিন্তা কৰা হোৱা নাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments