Tuesday, October 4, 2022
HomeNewsইউৰো কাপত অন্তিম পদচিহ্ন ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ!

ইউৰো কাপত অন্তিম পদচিহ্ন ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ!

ক্ৰিষ্টিয়ানো ৰোনাল্ডো

বয়স ৩৬৷ আৰু চাৰিবছৰৰ পিছত ৪০৷ চলিত ইউৰো কাপত বেলজিয়ামৰ হাতত পৰাস্ত হৈ প্ৰতিযোগিতাখনৰ পৰা ইতিমধ্যে বিদায় লৈছে পৰ্তুগালে এই মেচখনেই হয়তো ইউৰো কাপৰ অন্তিম মেচ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ৷ অন্তিম পদচিহ্ন পতুৰ্গালৰ এই গৰাকী কিংবদন্তী ফুটবলাৰৰ৷ হাৰিলেও বেলজিয়ামৰ বিৰুদ্ধে সৰ্ব্বস্ব উজাৰি দিছিল ৰোনাল্ডোয়ে৷ কিন্তু ভাগ্যই সফলতা অৰ্জনৰ সকলো সুযোগ তেওঁলোকৰ পৰা আজুৰি নিলে৷ ২৯ টা শ্বট লৈয়ো গল কৰিব নোৱাৰিলে পৰ্তুগালে ৷ আনহাতে মাত্ৰ ছটা শ্বট মাৰিয়েই সফলতা অৰ্জন বেলজিয়ামৰ৷ কিন্তু হাৰিলেও নায়কৰ খিতাপ পোৱা পতুগীজ তাৰকা ৰোনাল্ডোৰ বিষয়ে ক্ৰীড়া বিশ্বই নজনা বহু কথাকলৈ আমাৰ এই প্ৰতিবেদন৷
১৯৮৫ বৰ্ষৰ ৫ ফেব্ৰুৱাৰীত জন্ম ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ৷ ব্ৰাজিলৰ ফুটবলাৰ নেইমাৰৰ সৈতে একেটাই জন্মদিন৷ অৱশ্যে ফুটবলৰ পথাৰত প্ৰদৰ্শনৰ ক্ষেত্ৰত আৰ্জেন্টিনাৰ কিংবদন্তী ফুটবলাৰ লায়নেল মেছিৰ সৈতে তেওঁৰ নাম উচ্ছাৰিত হয়৷ পতুৰ্গালৰ মাদেইৰা দ্বীপপুঞ্জত জন্মগ্ৰহণ কৰা ৰোনাল্ডোৱে ৰাছিয়া বিশ্বকাপকে ধৰি এতিয়ালৈ তিনিবাৰ বিশ্বকাপ ফুটবল খেলাৰ অভিজ্ঞতা আহৰণ কৰিছে৷ পাঁচবাৰৰ বেলন ডি অ’ৰ বিজয়ী এইগৰাকী ফুটবলাৰক বহুতেই বিশ্বশ্ৰেষ্ঠ বুলি অভিহিত কৰিছে৷ অনুৰাগীৰ মাজত জনপ্ৰিয় চি আৰ ৭ নামেৰে৷ তিনিবাৰৰ প্ৰিমিয়াৰ লীগৰ বিজয়ী ৰোনাল্ডোৱে দুবাৰকৈ জিকিছে লা লীগৰ খিতাপ৷ তদুপৰি চাৰিবাৰৰ চেম্পিয়নছ লীগৰ বিজয়ী ৰোনাল্ডোৱে বিশ্ব ক্লাৱ কাপো জয় কৰিছে চাৰিবাৰ৷ লগতে এটা এ এফ কাপ, দুটা লীগ কাপ আৰু দুবাৰৰ কোপা দেলৰ খিতাপ জয় কৰা এই গৰাকী তাৰকা ফৰৰ্বাডে অৱশ্যে ২০১৬ বৰ্ষত পৰ্তুগালে ইউৰো কাপৰ খিতাপ জয় কৰাতোকেই জীৱনৰ সৰ্ব্বোচ্ছ সাফল্য বুলি অভিহিত কৰিছে৷ ২০১৫ বৰ্ষত পৰ্তুগাল ফুটবল সন্থাই দেশখনৰ ইতিহাসৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে ৰোনাল্ডোৰ নাম ঘোষণা কৰে৷
ইউৰোপৰ শীৰ্ষ পাঁচটা লীগৰ সৰ্বাধিক গ’লৰ অধিকাৰী ৰোনাল্ডো৷ এটা বৰ্ষত সৰ্বাধিক ৩২ টা আন্তৰ্জাতিক গলৰ অধিকাৰি তেওঁ৷ চেম্পিয়নছ লীগ আৰু ইউৰোপীয়ান চেম্পিয়নছ লীগতো সৰ্বাধিক ২৯ টা গলৰ অধিকাৰী তেওঁ৷ ১৯৮৫ ত মাদেইৰাৰ ৰাজধানী ফানচালত জন্মগ্ৰহণ কৰে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে৷ সম্পূৰ্ণ নাম ক্ৰিষ্টিয়ানো ৰোনাল্ডো ড’ ছানন্টোছ আভেইৰা৷ এটা মালী পৰিয়ালৰ কনিষ্ঠ সন্তান ৰোনাল্ডো৷ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ৰোনাল্ড ৰেগনৰ নামৰ পৰাই ৰোনাল্ডো নামটো বাচনি কৰিলে ক্ৰিষ্টিয়ানোৰ পিতৃ মাতৃ জোছ দেনিছ আৰু মাৰিয়া ডালাৰোছে৷ শৈশৱ যথেষ্ট অভাব অনাটনৰ মাজেৰে পাৰ হৈছে ৰোনাল্ডোৰ৷ এটা সৰু কোঠালিতে ডাঙৰ দীঘল হৈছিল দেনিছ আৰু মাৰিয়াৰ চাৰি সন্তান৷ ২০১৬ আৰু ২০১৭ বৰ্ষত ফ’বছ আলোচনীত বিশ্বৰ সৰ্বাধিক আয় কৰা খেলুৱৈৰ তালিকাত শীৰ্ষ স্থানত দেখা গৈছিল ৰোনাল্ডোৰ নাম৷
ৰোনাল্ডো ফুটবলাৰ হোৱাত পিতৃ-মাতৃৰ অৱদান সকলোতকৈ বেছি৷ পৰিয়ালৰ আৰ্থিক অনাটন দূৰ কৰাৰ বাবে পৌৰসভাৰ মালীৰ চাকৰিৰ লগতে স্থানীয় ক্লাৱ এণ্ড ৰিনহাত ফিটমেনৰ চাকৰিও কৰিছিল ৰোনাল্ডোৰ পিতৃয়ে৷ সেই সুত্ৰেই মাত্ৰ ৭ বছৰ বয়সতেই ক্লাৱত যোগদান কৰে ৰোনাল্ডোয়ে৷ ১২ বছৰ বয়সত স্পটিং চিচি অথবা স্পটিং লিচবনৰ তিনিদিনীয়া এক ট্ৰায়লত অংশলোৱাৰ পিছত জীৱনৰ গতি সলনি হয় ৰোনাল্ডোৰ মাদেইৰা ত্যাগ কৰি লিচবনত স্পটিং যুথ একাডেমীত যোগ দিয়ে ৰোনাল্ডোয়ে৷ ১৪ বছৰ বয়সতে ৰোনাল্ডো নিশ্চিত হয় ফুটবলত তেওঁৰ ভৱিষ্যত কেৰিয়াৰ সম্পৰ্কত৷ মাতৃৰ সৈতে আলোচনা কৰি পঢ়া-শুনা তাতেই সামৰিলে তেওঁ৷ কিন্তু ইয়াৰ পিছৰ বছৰ হৃদযন্ত্ৰৰ গুৰুতৰ সমস্যাৰ বাবে ফুটবলক বিদায় দিয়াৰ এক পৰিস্থিতিত পৰিছিল ৰোনাল্ডো৷ অৱশেষত অস্ত্ৰোপচাৰৰ জৰিয়তে সেই সমস্যাৰ পৰা মুক্ত হোৱাৰ পিছৰে পৰা আৰু ঘূৰি চাব লগা নহ’ল ৰোনাল্ডো৷
পেছাদাৰী কেৰিয়াৰত ৰোনাল্ডোৱে এতিয়ালৈ স্পটিং চিপিৰ পিছত মানচেষ্টাৰ ইউনাইটেড, ৰিয়েল মাদ্ৰিদ আৰু জুভেণ্টাছৰ হৈ খেলিছে৷ এই যাত্ৰাত তেওঁ গঢ়িছে অসংখ্য ৰেকৰ্ড৷ ৰিয়েল মাদ্ৰিদৰ ইতিহাসত সৰ্বাধিক গলদাতা তেওঁ৷ এটা ছিজনত লা লীগত ৩৩ টা হেট্ৰিকৰ ৰেকৰ্ড তেওঁৰ দখলত৷ লালীয়াত দ্ৰুততম ডেৰশ, দুশ আৰু তিনিশ গলৰ অভিলেখ একমাত্ৰ ৰোনাল্ডোৰ দখলতেই৷
ইউৰোপীয় ফুটবলত ৰোনাল্ডোৰ আধিপত্য আৰু ভয়ংকৰ৷ মুঠ ১২ বাৰ উয়েফা বৰ্ষশ্ৰেষ্ঠ দলত স্থান পাইছে ৰোনাল্ডোয়ে৷ মেছিয়ে জ্ঝ বাৰ৷ চেম্পিয়নছ লীগ ৰোনাল্ডোৰ প্ৰদৰ্শন যথেষ্ট চকুত লগা৷ মানচেষ্টাৰ ইউনাইটেড আৰু ৰিয়েল মাদ্ৰিদৰ হৈ চাৰিবাৰ চেম্পিয়নছ লীগৰ খিতাপ দখল কৰিছে ৰোনাল্ডোয়ে৷ ইয়াতে আছে ১০০ টা গল কৰাৰ অভিলেখ৷ বক্তিগত জীৱনত চাৰিটা সন্তানৰ পিতৃ ৰোনাল্ডো৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

11 + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments