Saturday, May 21, 2022
HomeNewsৰ’ণাল্ডোৰ বিচিত্ৰ জীৱনশৈলী আৰু মহানুভৱতা

ৰ’ণাল্ডোৰ বিচিত্ৰ জীৱনশৈলী আৰু মহানুভৱতা


✍️ মুকুট শৰ্মা (অতিথি লিখক)

olympiasports.in

বিশ্বৰ বিভিন্ন স্থানত বিভিন্ন সময়ত অনেক যুৱতীৰে বহু নিশা পাৰ কৰা, বিবাহপাঁশত আৱদ্ধ নোহোৱাকৈ চাৰিটাকৈ সন্তানৰ পিতৃ হোৱা, ৩০খনৰো অধিক অত্যাধুনিক বাহন ক্ৰয়, বিশ্বৰ কেইবাখনো আগশাৰীৰ চহৰত সুবিশাল অট্টালিকা ক্ৰয় আদিৰ দৰে বিলাসী চখ পূৰণ কৰি ভাল পোৱা জুভেণ্টাছৰ তাৰকাগৰাকীৰ ব্যতিক্ৰমী লাইফষ্টাইলক জানো আহক

ফুটবলৰ গ্লেমাৰিয়াছ জগতত তেওঁৰ অন্তহীন খ্যাতি৷ অতুলনীয় আৰু বিস্ময়কৰ ক্ৰীড়াশৈলীৰে তেওঁ জয় কৰিছে ফুটবলৰ পৃথিৱী৷ তেওঁৰ মান, যশ, সফলতা, কৃতকাৰ্যতা, ঐশ্বৰ্য, বিভূতি আজি সমগ্ৰ বিশ্বৰ বাবেই ঈৰ্ষাৰ কাৰণ৷ ‘খেলৰ ৰজা’ ফুটবলৰ তেওঁ হৈছে অন্যতম শ্ৰেষ্ঠ আৰু পৰাক্ৰমী মহাৰজা, যাৰ নাম ক্ৰিষ্টিয়ানো ৰ’নাল্ডো৷ ১৮ বছৰীয়া স্বৰ্ণিল কেৰিয়াৰত তেওঁৰ শিৰত জিলিকিছে অনেক ট্ৰফী আৰু অজস্ৰ বঁটা৷ চিআৰ৭ নামেৰে ক্ৰীড়া বিশ্বত পৰিচিত পৰ্তুগালৰ ছুপাৰষ্টাৰগৰাকীৰ খ্যাতি কেৱল ফুটবলৰ পথাৰতে সীমাবদ্ধ নহয়৷ সুন্দৰ চেহেৰা, বিচিত্ৰ হেয়াৰষ্টাইল আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী ৰ’নাল্ডো বিশ্বৰ বিপণন জগতৰো অমূল্য সম্পদ৷ নিজৰ প্ৰতিষ্ঠানৰ বিজ্ঞাপনত ফুটবলৰ যাদুকৰগৰাকীক বিচাৰি প্ৰতিযোগিতাত নামে বিশ্বৰ আগশাৰীৰ কোম্পানীসমূহ৷ এইদৰে চৌদিশে যশষ্যা-খ্যাতি আৰু ধন-ঐশ্বৰ্যই আগুৰি থকা ছুপাৰষ্টাৰ ৰ’নাল্ডোৰ বিচিত্ৰতাৰে ভৰা লাইফষ্টাইলো সকলোৰে বাবে চৰ্চাৰ বিষয় হৈ আহিছে৷ বিশেষকৈ সুন্দৰী যুৱতী আৰু বিলাসী বাহনৰ প্ৰতি চিআৰ৭ৰ দূৰ্বলতা সৰ্বজনবিদিত৷ বিশ্বৰ বিভিন্ন স্থানত বিভিন্ন সময়ত অনেক যুৱতীৰে বহু নিশা পাৰ কৰা, বিবাহপাঁশত আৱদ্ধ নোহোৱাকৈ চাৰিটাকৈ সন্তানৰ পিতৃ হোৱা, ৩০খনৰো অধিক অত্যাধুনিক বাহন ক্ৰয়, বিশ্বৰ কেইবাখনো আগশাৰীৰ চহৰত সুবিশাল অট্টালিকা ক্ৰয় আদিৰ দৰে বিলাসী চখ পূৰণ কৰি ভাল পোৱা জুভেণ্টাছৰ তাৰকাগৰাকীৰ ব্যতিক্ৰমী লাইফষ্টাইলক লৈ এই প্ৰতিবেদন—

পত্নী জ’ৰ্জিনা ৰ’দ্ৰিগুৱেজৰ সৈতে ফুটবল তাৰকাগৰাকী


ৰ’নাল্ডোৰ জীৱনসংগীঃ চাৰিটাকৈ সন্তানৰ পিতৃ হ’লেও এইপৰ্যন্ত অবিবাহিত ছুপাৰষ্টাৰ ৰ’নাল্ডো৷ ফুটবলাৰ হিচাপে খ্যাতি অৰ্জনৰ পূৰ্বৰে পৰা বিভিন্ন যুৱতীৰে প্ৰেমৰ সম্পৰ্ক বজাই ৰখা খেলুৱৈগৰাকীয়ে অৱশ্যে কিছুবছৰ পূৰ্বে দীৰ্ঘদিনৰ প্ৰেয়সী জ’ৰ্জিনা ৰ’দ্ৰিগুৱেজক জীৱনসংগী হিচাপে বাচি লয়৷ ২০১৬ত মাদ্ৰিদত এক অনুষ্ঠানত ৰ’নাল্ডোৱে স্পেইনৰ মোহময়ী মডেল ৰ’দ্ৰিগুৱেজক প্ৰথমবাৰৰ বাবে লগ পাইছিল৷ এতিয়ালৈকে এই দুই চেলিব্ৰিটী আনুষ্ঠানিকভাৱে বিবাহপাঁশত আৱদ্ধ হোৱা নাই যদিও দুবছৰ পূৰ্বে তেওঁলোকৰ বাগদান পৰ্ব সম্পন্ন হৈ গৈছে৷ ২০১৭ৰ ১২ নৱেম্বৰত পৰ্তুগীজ ফুটবলাৰগৰাকীৰ প্ৰেয়সী ৰ’দ্ৰিগুৱেজে কন্যা সন্তান এলানা মাৰ্টিনাক জন্ম দিয়ে৷ দুয়োগৰাকীৰ যুগ্ম জীৱনত এয়া আছিল প্ৰথমটো সন্তান৷ অৱশ্যে, ৰ’নাল্ডো ইয়াৰ পূৰ্বেই তিনি সন্তানৰ পিতৃ আছিল৷ তেওঁৰ প্ৰথমটো সন্তান ক্ৰিষ্টিয়ানো ৰ’নাল্ডো জুনিয়ৰ ২০১০তে এই পৃথিৱীলৈ আহিছিল৷ পিতৃৰ পদাংক অনুসৰণ কৰি ফুটবলৰ পথাৰত প্ৰতিভাৰ চমক দেখুওৱাবলৈ সক্ষম হোৱা ৯বছৰীয়া ৰ’নাল্ডো জুনিয়ৰ এই পৃথিৱীলৈ কিদৰে আহিল, সেয়া কিন্তু এতিয়াও ৰাজহুৱা কৰা নাই তেওঁৰ ছুপাৰষ্টাৰ পিতৃয়ে৷ পৰিপক্ক হৈ উঠিলে কেৱল বৰপুত্ৰ ৰ’নাল্ডো জুনিয়ৰকহে অত্যন্ত ব্যক্তিগত এই কথা ক’ব বুলি চিআৰ৭-এ সংবাদমাধ্যমক ইতিমধ্যে জনাই থৈছে৷

চাৰিটাকৈ সন্তানৰ সৈতে ৰ’নাল্ডো

ইয়াৰ পিছত ২০১৭ৰ জুনত ৰ’নাল্ডোৰ জীৱনলৈ আহে ইভা আৰু মাটেঅ’ নামৰ দুই যমজ সন্তান৷ এইবাৰ অৱশ্যে তাৰকাগৰাকীয়ে ৰাজহুৱাকৈ প্ৰকাশ কৰে যে ইভা আৰু মাটেজক তেওঁ ছাৰোগেট মাতৃৰ জৰিয়তে লাভ কৰিছে৷ ৰ’নাল্ডো জুনিয়ৰৰ দৰে তেওঁলোকো ছান ডিয়েগোত জন্ম গ্ৰহণ কৰে৷ মনকৰিবলগীয়া যে, নিজৰ নহ’লেও ৰ’নাল্ডোৰ এই ৩ সন্তানক বৰ্তমানৰ জীৱনসংগী ৰ’দ্ৰিগুৱেজে অতি মৰম-চেনেহেৰে লালন-পালন কৰি আহিছে৷ ২৬ বছৰীয়া মোহময়ী মডেল ৰ’ড্ৰিগুৱেজৰ সৈতে মধুৰ যুগ্ম জীৱন অতিবাহিত কৰা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ পৰিয়াললৈ হয়তো অনাগত দিনত পুনৰ ৩ নতুন আলহীৰ আগমণ ঘটিব৷ কিয়নো, তেওঁ হেনো অতি কমেও ৭টা সন্তান লালন-পালনৰ সপোন পুহি ৰাখিছে৷

ৰ’নাল্ডোৰ টুৰিনস্থিত অট্টালিকাটো


টুৰিনত ৰ’নাল্ডোৰ প্ৰাসাদোপম অট্টালিকাঃ বিশ্বৰ এগৰাকী সৰ্বাধিক উপাৰ্জনকাৰী ফুটবলাৰ হিচাপে ৰ’নাল্ডোৰ অন্যতম চখ হ’ল দামী চহৰত বিলাসী অট্টালিকা ক্ৰয় কৰা৷ জন্মভূমি পৰ্তুগালৰ কেইবাখনো চহৰত প্ৰাসাদোপম অট্টালিকা থকা ছুপাৰষ্টাৰগৰাকীয়ে শেহতীয়াকৈ ইটালীৰ টুৰিনত নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা পাহাৰীয়া অঞ্চলত ১,০০০ স্কোৱেৰ মিটাৰৰ ভিল্লা ক্ৰয় কৰিছে৷ অত্যাধুনিক কাৰিকৰী প্ৰযুক্তিসমৃদ্ধ এই ভিল্লাত আছে ৮টা বেডৰুম, ৩খন ফ্ল’ৰ, এটা ইনড’ৰ ছুইমিং পুল, এটা অত্যাধুনিক জিম, এটা আটকধুনীয়া যোগ ষ্টুডিঅ’, এখন শিশু উদ্যান আদিৰ দৰে বিলাসী সা-সুবিধা৷ ইটালীৰ ক্লাৱ জুভেণ্টাছৰ সৈতে খেলিবলৈ চুক্তিবদ্ধ হোৱাৰ বাবে তেওঁ মাদ্ৰিদৰ বিলাসী অট্টালিকা বিক্ৰী কৰি টুৰিনত নতুন ভিল্লা ক্ৰয় কৰে৷ ইয়াৰ পূৰ্বে ৰ’নাল্ডোৱে মানচেষ্টাৰৰ প্ৰসাদ বিক্ৰী কৰি মাদ্ৰিদত নিগাজী হৈছিল৷ উল্লেখ্য যে, ২০১৮ত জুভেণ্টাছৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পূৰ্বে তেওঁ মানচেষ্টাৰ ইউনাইটেডৰ হৈ ৬বছৰ আৰু ৰিয়েল মাদ্ৰিদৰ হৈ সুদীৰ্ঘ ৯ বছৰ ক্লাৱ ফুটবল খেলিছিল৷


ৰ’নাল্ডোৰ মহানুভৱতাঃ ফুটবলৰ পথাৰত গগণচুম্বী সাফল্য অৰ্জন কৰা পৰ্তুগালৰ ছুপাৰষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ সামাজিক দায়বদ্ধতা আৰু মহানুভৱতা বিশ্ববাসীয়ে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে৷ সময়ে সময়ে তেওঁ দুৰ্যোগৰ সন্মুখীন হোৱা বিভিন্ন দেশৰ নাগৰিকৰ সন্মুখত ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈছে৷ শেহতীয়াকৈ ৰ’নাল্ডো আগুৱাই আহিছে মহামাৰী ক’ৰোনা ভাইৰাছত আক্ৰান্তজনক সহায়ৰ হাত আগবঢ়াবলৈ৷ বিশ্বজুৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা এই ভাইৰাছত আক্ৰান্ত লোকৰ চিকিৎসা আৰু সেৱা-শুশ্ৰূষাৰ বাবে তেওঁ মুকলি কৰি দিছে নিজৰ কেইবাখনো বিলাসী হোটেল৷ স্পেইন আৰু ইটালীত থকা এই বিলাসী হোটেলসমূহক চিকিৎসালয়লৈ ৰূপান্তৰিত কৰি ফুটবলৰ ছুপাৰষ্টাৰগৰাকীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ ৰোগীৰ শুশ্ৰূষাৰ ব্যৱস্থা কৰি দিছে৷ তদুপৰি তেওঁ সতৰ্ক আৰু সাৱধান হৈ থাকি ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলোকে আহ্বান জনাইছে৷ টুইটাৰত ৰ’নাল্ডোৱে এই মহামাৰীৰ পৰা পৰিত্ৰাণৰ বাবে বিভিন্ন সতৰ্কতামূলক বাৰ্তা প্ৰকাশ কৰি কোটি কোটি ক্ৰীড়া অনুৰাগীৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰয়াস অব্যাহত ৰাখিছে৷ দুৰ্যোগৰ সময়ত এই মহানুভৱতাৰে জুভেণ্টাছৰ তাৰকাগৰাকীয়ে পুনৰ এবাৰ মানৱসেৱাৰ বিৰল নিদৰ্শন দাঙি ধৰিলে৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments