Tuesday, October 4, 2022
HomeNewsচুনি গোস্বামী: ক্ৰিকেটেৰে কেৰিয়াৰ সামৰা ভাৰতৰ কিম্বদন্তী ফুটবলাৰগৰাকী

চুনি গোস্বামী: ক্ৰিকেটেৰে কেৰিয়াৰ সামৰা ভাৰতৰ কিম্বদন্তী ফুটবলাৰগৰাকী

অলিম্পিয়া বিশেষ:

✍️ পূৰ্ণানন্দ নেওগ

ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ চুনি গোস্বামী আৰু নাই। বৃহস্পতিবাৰে ৮২ বছৰত কিম্বদন্তী খেলুৱৈগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। চুনি গোস্বামীৰ মৃত্যৰ লগে লগে ভাৰতীয় ক্ৰীড়া ইতিহাসৰ এক নিটোল কাহিনীৰো অন্ত পৰিল। প্ৰকৃতাৰ্থতেই এজন অল ৰাউণ্ডাৰ আছিল চুনি গোস্বামী আৰু আছিল খেলপথাৰৰ এগৰাকী নিপুণ যোদ্ধা। ১৯৩৮ চনৰ ১৫ জানুৱাৰীত জন্মগ্ৰহণ কৰা চুনি গোস্বামীৰ ক্ৰীড়া নিপুনতাই কৈশোৰ কালতেই চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

১৯৪৬ চনত এই প্ৰতিভাৱান কিশোৰ গৰাকীয়ে যোগ দিছিল মোহন বাগানৰ জুনিয়ৰ দলত। জীৱনত কেৱল এটা ক্লাবৰ হৈয়ে খেলাৰ নজিৰ বিশ্ব ক্ৰীড়া ইতিহাসত খুব দুৰ্লভ। চুনি গোস্বামীয়ে তেনে দুৰ্লভতাৰ পৰিচয় দিয়েই সমগ্ৰ জীৱন কেৱল মোহন বাগানৰ হৈয়ে খেলি থাকিল। ১৯৬৮ চনত ফুটবলৰ পৰা অৱসৰ গ্ৰহণ কৰে সেই দলত থাকিয়েই। বিখ্যাত ফুটবল আলোচক আৰু ধাৰাভাষ্যকাৰ নৱী কাপদিয়াই তেওঁৰ Barefoot to Boots : The Many Lives of Indian Football নামৰ গ্ৰন্থখনত লিখিছে , ” গোস্বামীয়ে মাৰিনাৰ্ছ সকলৰ সোণালী দিনবোৰক প্ৰতিনিধিত্ব কৰে। ১৯৬০ চনত তেওঁ যিটো মোহন বাগান দলত আছিল, সেই দলত জাৰ্নেইল সিং, টি এ ৰহমান আদিৰ দৰে ডিফেণ্ডাৰ, অশোক চেটাৰ্জীৰ দৰে চেণ্টাৰ ফৰৱাৰ্ড আৰু পিটাৰ থাংগৰাজৰ দৰে গোলকীপাৰআছিল।


কেৰিয়াৰৰ শ্ৰেষ্ঠ সময়খিনিত চুনিলৈ সুযোগ আহিছিল Tottenhum Hotspur ৰ দৰে দলৰ ট্ৰায়েলত অংশগ্ৰহণ কৰাৰ। কিন্তু সেই সুযোগো আগ্ৰাহ্য কৰিছিল চুনি গোস্বামীয়ে। Tottenham Hotspur আছিল ষাঠি দশকৰ ইংলেণ্ডৰ সবাতোকৈ নামী ক্লাব। পিছত টেলিগ্ৰাফৰে হোৱা এক সাক্ষ্যৎকাৰত চুনি গোস্বামীয়ে উল্লেখ কৰিছিল যে বিদেশত কেৰিয়াৰৰ ক্ষেত্ৰত থকা অনিশ্চয়তাৰ বাবেই তেওঁ সেই সুযোগ গ্ৰহণ কৰা নাছিল। তাৰোপৰি সেই সময়ত চুনি আছিল মোহন বাগানৰ অধিনায়ক। মোহন বাগানৰ অনুৰাগীসকলৰ মৰম চেনেহে তেওঁক বান্ধি ৰাখিছিল সদায়। সিও আছিল ইংলেণ্ডলৈ নোযোৱাৰ এক অন্যতম কাৰণ। অল ইণ্ডিয়া ফুটবল ফেডাৰেচন ৱেবচাইট মতে চুনিয়ে মোহন বাগানৰ হৈ ২০০ টা গ’ল কৰিছিল আৰু দলটোৰ অধিনায়ক হিচাবে ১৪ টাকৈ খিতাপ দখল কৰিছিল।

অৱশ্যে খেলুৱৈ হিচাবে গোস্বামীৰ শ্ৰেষ্ঠ সময় আছিল যেতিয়া তেওঁৰ নেতৃত্বত ভাৰতীয় দলে এছিয়ান গেমছত স্বৰ্ণ জয় কৰিছিল। ১৯৬০ চনত অলিম্পিকত ভাগ লোৱাৰ পিছত সেয়া আছিল তেওঁৰ জীৱনৰ দ্বিতীয় বৃহৎ প্ৰতিযোগিতা। সেয়া আছিল ১৯৬২ ৰ কথা। ফাইনেলত সন্মুখত আছিল দক্ষিণ কোৰিয়া। ভাৰতৰ হৈ তুলসীদাস বলৰাম, পি কে বেনাৰ্জী আদিৰ প্ৰদৰ্শন আছিল অপ্ৰতিৰোধ্য। অধিনায়ক হিচাবে চুনি গোস্বামীও সফল হৈছিল। তেওঁৰ পূৰ্বৰ সতীৰ্থ ফ্ৰেংক’ৰ মতে চুনি গোস্বামী আছিল এটা ‘সম্পূৰ্ণ পেকেজ’ যিগৰাকীয়ে অধিনায়ক হিচাবে অতি দক্ষতাৰে দায়িত্ব পালন কৰিছিল।

ফুটবল বুটযোৰ সামৰি থোৱাৰ পিছতে তেওঁৰ ক্ৰীড়া জীৱনৰ অন্ত পৰা নাছিল। তেতিয়াও খেলপথাৰত নিজৰ চমক দেখুৱাবলৈ বাকী আছিল চুনিৰ। অৱশ্যে এইবাৰ ফুটবল নহয়, ক্ৰিকেটক সাৰথি কৰি খেলপথাৰত নিজৰ প্ৰভুত্ব বজাই ৰখাৰ কচৰৎ আৰম্ভ হৈছিল। ১৯৬১-৬২ ত বেংগলৰ হৈ ৰঞ্জী ট্ৰফীত অভিষেক ঘটিছিল গোস্বামীৰ। এটা সময়ত ৰঞ্জী দলটোৰো নেতৃত্ব প্ৰদান কৰিছিল আৰু দলটোক ৰঞ্জীৰ ফাইনেল পৰ্যন্ত আগুৱাই লৈ গৈছিল। ৪৬ খন প্ৰথম শ্ৰেণীৰ মেচত ১৫৯২ ৰান সংগ্ৰহ কৰাৰ লগতে ৪৭ টা উইকেট দখল কৰা গোস্বামী আছিল সঁচা অৰ্থতে এজন অলৰাউণ্ডাৰ। এইজন মহান খেলুৱৈয়ে সেয়ে অৰ্জুন বঁটাৰ লগতে লাভ কৰিছে দেশৰ অসামৰিক সেৱাৰ সন্মান পদ্মশ্ৰীও।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments