অলিম্পিয়া প্ৰতিবেদন, ডিফু
চি আই এছ এফত অথাৎ চেন্ট্ৰল ইণ্ডাষ্টিয়েল চিকিউৰিটি ফ’চ অসমীয়াত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপ্তা বাহিনীক ক্ৰীড়া বিদৰ কাৰণে মুঠ ২৪৯ টা প্ৰতিভাৱান পুৰুষ-মহিলা ক্ৰীড়া বিদৰ বাবে ২৪৯ টা হেড কনিষ্টবলৰ পদ খালী হৈছে । এই পদ কেইটা ক্ৰীড়া বিদৰ কাৰণে সংৰক্ষিত থাকিব । ইয়াৰ ভিতৰত আছে এথলিটিক্টচৰ পুৰুষৰ বাবে ৩০ টা আৰু মহিলাৰ বাবে ২৫ টা পদ । বক্সিঙৰ বিভিন্ন ওজনৰ পুৰুষৰ বাবে ৮ টা আৰু মহিলাৰ বাবে ১০ টা পদ । লগতে কেৱল পুৰুষৰ বাবে বাস্কেট বলৰ ৮ টা,জিম্মাষ্টিকৰ ৫ টা , ফুটবলৰ ১০ টা, হকীৰ ১৫ টা হেণ্ডবলৰ ৬ টা, সাতোৰৰ ১৭ টা,ভলিবলৰ ৫ টা, ৰেছলিঙৰ বিভিন্ন ওজন গোটৰ ১৪ টা আৰু টাইকোৱাণ্ডোৰ ৮ টা । লগতে আছে যুদুৰ পুৰুষৰ ৭ টা,মহিলাৰ ৪ টা, কাবাডিৰ পুৰুষৰ ৭ টা,মহিলাৰ ৮ টা।শ্বুটিঙৰ পুৰুষৰ ৩ টা, মহিলাৰ ১ টা । ভাৰোত্তোলনৰ পুৰুষৰ ১৬ টা,মহিলাৰ ৭ টা পদ । এই পদ সমূহৰ ভিতৰত পুৰুষৰ মুঠ ১৮১ টা আৰু মহিলাৰ মুঠ ৬৮ টা ।কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ এই পদ সমূহৰ বাবে আৱেদনৰ অন্তিম সীমা ২০২২ চনৰ ৩১ মাৰ্চৰ বিয়লি ৫ বজা পযন্ত ধাৰ্য কৰা হৈছে যদিও উত্তৰ পূৱাঞ্চলৰ প্ৰাৰ্থীয়ে ২০২২ চনৰ ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ লৈকে আৱেদন কৰিব পাৰিব । প্ৰাৰ্থীৰ বয়সৰ সীমা ২০২১ চনৰ ১ আগষ্ট ১৮ পৰা ২৩ বছৰ হ’ব লাগিব ।