Tuesday, October 4, 2022
HomeNewsচিটি ক্ৰিকেট ক'চিং চেণ্টাৰৰ আন এক সাফল্য: ড০ সুনীল বৰুৱা ট্ৰফী লাভ

চিটি ক্ৰিকেট ক’চিং চেণ্টাৰৰ আন এক সাফল্য: ড০ সুনীল বৰুৱা ট্ৰফী লাভ

অলিম্পিয়া প্ৰতিবেদন

গুৱাহাটী ৰিভাৰ ৰাইন ক’চিং চেণ্টাৰে আয়োজন কৰা দ্বিতীয় ড০ সুনীল বৰুৱা সোঁৱৰণী সদৌ অসম আন্ত:ক’চিং চেণ্টাৰ ১৪ বছৰ অনূৰ্দ্ধ প্ৰাইজমানি ক্ৰিকেট টুৰ্ণামেণ্টত চিটি ক্ৰিকেটে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে । লতাশিল খেলপথাৰত মঙলবাৰে অনুষ্ঠিত চূড়ান্ত খেলত চিটি ক্ৰিকেট ক’চিং চেণ্টাৰে আয়োজক ৰিভাৰ ৰাইনক ১১৫ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰিছে । প্ৰথমে বেট ধৰি চিটি ক্ৰিকেটে নিৰ্ধাৰিত ৩০ অভাৰত ৭ উইকেটত সংগ্ৰহ কৰে ১৮০ ৰাণ । দলৰ অপেনাৰ ছানি আহমেদে ৭৮, হৰ্ষবৰ্ধন গগৈয়ে অপৰাজিত ২২ আৰু হৰ্ষ সিঙে ১৭ ৰাণ কৰে । বিপক্ষৰ বিকাশ বাছফৰে ৩ টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত ৰিভাৰ ৰাইনে ৱিৰাল বিষ্ণ‌ইৰ ২০ আৰু সহজৰ ১২ ৰাণ সত্ত্বেও ২২.৪ অভাৰত ৬৫ ৰাণতে ইনিঙছ সামৰে । বিজয়ী দলৰ হৈ অৰ্জুন ৰাধা বৰা, অদিয়ান ভৌমিক আৰু ৰুদ্ৰাক্ষ ঋকবেদে ২ টাকৈ উইকেট দখল কৰে ।
৬০০০ টকাকৈ যোগদান মাচুল লোৱা টুৰ্ণামেণ্টত চেম্পিয়ন দলে ট্ৰফীসহ লাভ কৰে ৭০০০ টকাৰ প্ৰাইজমানি । সামৰণিত উপস্থিত থাকি ট্রেফিসমূহ বিতৰণ কৰে প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ মুকুট দাস, সুমিত নাগ, নাছিৰ গুল খান, ছাজ্জাদ জাহিৰ হুছেইন, প্ৰাক্তন ক্ৰিকেটাৰ বিশ্বজিৎ চৌধুৰী, আৰ কে যাদৱ আৰু প্ৰয়াত সুনীল বৰুৱাৰ পৰিয়ালৰ সদস্যই ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments