Monday, July 4, 2022
HomeNewsগুৱাহাটীৰ প্ৰথম ফিফা অনুমোদিত টাৰ্ফ 'গেম অন এৰেনা' উদ্বোধন

গুৱাহাটীৰ প্ৰথম ফিফা অনুমোদিত টাৰ্ফ ‘গেম অন এৰেনা’ উদ্বোধন

অসমৰ ফুটবল আন্ত:গাঁথনিক নতুন গতি দিয়াৰ উদ্দেশ্যে কালি গুৱাহাটীৰ প্ৰথম ফিফা অনুমোদিত ফুটবল টাৰ্ফ তথা স্প’ৰ্টছ কমপ্লেক্স ‘গেম অন এৰেনা’ উদ্বোধন কৰা হয় ৷ বেহাৰবাৰীৰ কেৰাকুছি তিনিআলিত থকা এই টাৰ্ফ মূলত: গ্ৰাছৰুটছ ফুটবল উন্নয়ন, শিশু ফুটবলাৰক সুৰক্ষিত আৰু বিশ্বমানৰ সুবিধা দিয়াৰ লগতে সুলভ মূল্যত ফুটবলপ্ৰেমীকো ব্যৱহাৰ কৰিবলৈ দিয়া হ’ব ৷

ফুটবলপ্ৰেমী পিতা-পুত্ৰ হীৰেণ বৰ্মন আৰু জিতেন বৰ্মনৰ উদ্যোগত আৰু আইআইএমৰপৰা স্প’ৰ্টছ মেনেজমেণ্টৰ ডিগ্ৰীধাৰী ছাজাদ ছিদ্দিকিৰ প্ৰচেষ্টাত প্ৰাণ পোৱা এই টাৰ্ফত গুৱাহাটী চিটী এফচি (জিচিএফচি)ৰ সহযোগত গ্ৰাছৰুটছ প্ৰকল্প ৰূপায়ন কৰা হ’ব ৷ এই প্ৰকল্পত সহযোগ কৰিছে আগশাৰীৰ লাইটিং কোম্পানী ক্ৰিট্ৰনেও ৷

অনুষ্ঠানটোত সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেচনৰ সভাপতি সুবোধ মল্ল বৰুৱা, এএফচি বি স্বীকৃতি প্ৰাপ্ত খ্যাতনামা প্ৰশিক্ষক কমলাকান্ত লইটংবাম আৰু জিচিএফচিৰ সহঃপ্ৰতিষ্ঠাপক সিদ্ধাৰ্থ শংকৰ ডেকা উপস্থিত থাকি টাৰ্ফখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ ইয়াৰ উপৰিও অনুষ্ঠানত উপস্থিত থাকে জিচিএফচিৰ সহঃপ্ৰতিষ্ঠাপক কৌস্তৱ চক্ৰৱৰ্তী আৰু ডৰিক ৰঞ্জন ডেকা৷

‘গেম অন এৰেনা’ৰ উদ্বোধন অনুষ্ঠানৰ পিছতে গুৱাহাটী চিটী এফচি ফুটবল একাডেমী আৰু কাজিৰঙা ফুটবল একাডেমীৰ মাজত এখন অনুৰ্ধ ৯ প্ৰদৰ্শনী ফুটবল মেচ অনুষ্ঠিত হয় ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seven + 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments